
অসমৰ দুগৰাকী বিজ্ঞানীলৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ।
অসম সন্তান ডঃ পূৰৱী শইকীয়া আৰু ডঃ বাপ্পী পলক প্ৰদান কৰা হৈছে ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ।
ৰাষ্ট্ৰপতি ভৱনত বিজ্ঞানী দুগৰাকীক এই পুৰস্কাৰ প্ৰদান কৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।
ইফালে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা দুয়োগৰাকী অসম সন্তানক অভিনন্দন জ্ঞান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও।
এক্স হেণ্ডেলত পোষ্ট কৰি ডঃ পূৰৱী শইকীয়া আৰু ডঃ বাপ্পী পলক অভিনন্দন জনায় মুখ্যমন্ত্ৰীয়ে।
তেওঁলোকৰ এই সফলতাই নতুন প্ৰজন্মক অনুপ্ৰেৰণা যোগাব বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই।
বিজ্ঞানী দুগৰাকীৰ সুন্দৰ ভৱিষ্যতৰ বাবে শুভকামনা জ্ঞাপন কৰে তেওঁ৷