
নলবাৰীঃ আনুষ্ঠানিকভাৱে কংগ্ৰেছী হ’ল নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা। বিজেপিৰ পৰা পদত্যাগ কৰাৰ পিছত আজি নলবাৰীৰ ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে শৰ্মাই।
আজিৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকে এ পি চি চিৰ সভাপতি ভূপেন বৰা, বিধানসভাৰ বিৰোধী দলপতি বেদব্ৰত শইকীয়া, যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ লগতে আন আন সমষ্টিৰ কেইবাগৰাকীও বিধায়ক।
উল্লেখ্য যে, বিজেপিত দীঘলীয়া বিসম্বাদৰ অন্তত শেহতীয়াকৈ গেৰুৱা বসন পৰিত্যাগ কৰিছিল প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। ইয়াৰ পিছতে তেওঁ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল কংগ্ৰেছত যোগদানৰ কথা।
বিজেপিৰ নতুন নেতৃত্বৰ পৰা বাৰে বাৰে অপমানিত হৈ অহাৰ অভিযোগ উত্থাপন কৰিছিল শৰ্মাই।