

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰংশসাত পঞ্চমুখ হৈ পৰিল অভিনেত্ৰী তথা বিজেপি সাংসদ কংগনা ৰানাৱট। অপৰাধৰ বিৰুদ্ধে যোগী আদিত্যনাতৰ আৰ্হিক সকলো ৰাজ্যই গ্ৰহণ কৰা উচিত বুলি মন্তব্য কংগনাৰ।
বুধবাৰে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাক্ষাৎকাৰৰ সময়ত কলকাতাৰ আৰ জি কৰ কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া দিয়ে মাণ্ডি লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে। সেই সময়তে পশ্চিম বংগ চৰকাৰে মহিলাৰ বিৰুদ্ধে সংঘটিত নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ন্যায় প্ৰদানৰ আৰ্হিৰ প্ৰশংসাত বিভোৰ হৈ পৰে কংগনা।
শেহতীয়াকৈ কলকাতাত সংঘটিত হোৱা ধৰ্ষণ-হত্যাৰ গোচৰটোক “লজ্জাজনক” বুলি অভিহিত কৰি অভিনেত্ৰীগৰাকীয়ে যোগী আদিত্যনাথৰ দৰেই দ্ৰুত ন্যায় ব্যৱস্থাৰ পোষকতা কৰে।
কংগনাই কয়, “প্ৰতিটো অপৰাধ একে হ’ব পাৰে, কিন্তু প্ৰতিখন ৰাজ্যই ইয়াক চম্ভালি লোৱা ধৰণটো বহুত বেলেগ। মই যোগী আদিত্যনাথৰ আৰ্হি পোষকতা কৰো। অৱশ্যেই তেওঁৰ পদ্ধতি বিতৰ্কিত আৰু বহুত সমালোচনাৰ সন্মুখীন হয়, কিন্তু মই বিশ্বাস কৰোঁ যে ভয়টোৱেই একমাত্ৰ সমাধান।’’
তেওঁ লগতে কয় যে, “আমাক যোগী আদিত্যনাথৰ দৰে ন্যায় প্ৰদান কৰিব পৰা লোকৰ প্ৰয়োজন, য’ত এসপ্তাহৰ ভিতৰত ন্যায় প্ৰদান কৰা হয়।’’
যোগী আদিত্যনাথৰ ন্যায়ৰ আৰ্হিৰ পোষকতা কৰি কংগনাই বংগৰ সাম্প্ৰতিক পৰিস্থিতিক সমালোচনা কৰি ৰাজ্যত ছাত্ৰ-ছাত্ৰী আৰু মহিলাক হাৰাশাস্তি কৰাৰ বিপৰীতে অপৰাধীক সুৰক্ষা দিয়া হৈছে বুলি অভিযোগ উত্থাপন কৰে।
প্ৰণিধানযোগ্য যে, যদিও কংগনা ৰাণাৱটে যোগী আদিত্যনাথৰ ন্যায়ৰ আৰ্হিৰ প্ৰশংসা কৰিছে, কিন্তু সময়ে সময়ে উত্তৰ প্ৰদেশ চৰকাৰৰ এই তাৎক্ষণিক ন্যায়ক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটি আহিছে। বিশেষকৈ অভিযুক্তৰ ঘৰত বুলডোজাৰ চলোৱা, নিশা এনকাউণ্টাৰৰ নামত অভিযুক্তৰ অপৰাধ প্ৰমাণ হোৱা পূৰ্বেই আৰক্ষী জিম্মাত হত্যা কৰা আদি কাৰ্যক লৈ সৰৱ হৈ আহিছে বিৰোধী তথা সচেতন মহল।