‘আল্লা মেঘদে, আল্লা পানী দে’ৰ স্ৰষ্টা আৰু নাই

খেয়ালী মনৰ মানুহজন কেতিয়াও উভতি নহা বাটেৰে গুছি গ’ল৷ পাগলাদিয়া নৈৰ পাৰ, হোটেল, কিতাপৰ দোকানত আড্ডা পিটি কবিতাক নতুন গতি দিয়া খেয়ালী মনৰ কবিজন আৰু কেতিয়াও উভতি নাহে৷ গাঁৱৰ হোজা মানুহৰ বাবে যুগজয়ী কবিতা সৃষ্টিৰে অসম সাহিত্য জগত সমৃদ্ধ কৰা নলবেৰীয়া কবি বিপুল কুমাৰ দত্ত আৰু নাই৷ মানুহ মাটি আৰু দ্বিতীয় বিশ্ব, বৰষুণৰ গান আদিৰ কাব্যৰ স্ৰষ্টা তথা নলবাৰী জিলাৰ নিজ পকোৱা গাঁৱৰ বাসিন্দা বিপুল কুমাৰ দত্তই কালি নিশা চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লয়৷ নলবাৰীৰ সু-সন্তান কবি বিপুল কুমাৰ দত্ত বৃহস্পতিবাৰে হঠাতে অসুস্থ হৈ পৰিছিল৷ হঠাত অসুস্থ হৈ পৰা কবিগৰাকীক পৰিয়ালে প্ৰথমে নলবাৰীৰ এখন হাস্পতালত ভৰ্তি কৰিছিল যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে উত্তৰ গুৱাহাটীস্থিত জিএনআৰচি হাস্পতালত ভৰ্তি কৰিছিল। চিকিৎসাধীন অৱস্থাত স্বাস্থ্যৰ অত্যাধিক অৱনতি ঘটে। নিশা প্ৰায় ৩ বজাত হৃদৰোগত আক্ৰান্ত হৈ বিশিষ্ট কবিগৰাকীয়ে মৃত্যুৰ শীতল কোলাত শুই পৰে৷ ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য প্ৰেমী হোৱাৰ লগতে কবিতা, নাটক, অনুবাদ আদিৰে জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ কলেজীয়া কালতে তেওঁৰ বহু কবিতা প্ৰকাশ পাইছিল৷ কাকতে-পত্ৰই প্ৰকাশ পোৱা কবিতাসমূহে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল৷ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ চাকৰি কৰিও কবিতাৰ চৰ্চা অব্যাহত ৰাখিছিল৷ চাকৰি পৰা অৱসৰ গ্ৰহণ কৰি কবিতা লিখি-গাই সময় অতিবাহিত কৰিছিল৷ প্ৰগতিশীল চিন্তা আৰু চেতনাৰে কাব্য সাহিত্যক সম্বৃদ্ধ কৰা বিশিষ্ট কবিগৰাকীয়ে বাওফালৰ ফুটপাথ, বনকৰা ছোৱালী, আহত সময়ৰ গান আদি কবিতাৰে অসমীয়া কাব্য সাহিত্যক সম্বৃদ্ধ কৰিছিল। ৰ’দ দি দি বৰষুণ, বিষাদৰ বেহেলা, কুৰিখন গদ্য আৰু অনুবাদৰ গ্ৰন্থলৈকে দেশ আৰু জাতিৰ পৰিবৰ্তন বিচাৰি বহু কাব্য আৰু গদ্য সংকলন লিখিছিল৷ আল্লা মেঘদে, আল্লা পানী দে আদি ব্যতিক্ৰমী কাব্য সংকলনে নিজকে কবিতাৰ জগতত ব্যতিক্ৰমী ৰূপত প্ৰকাশ কৰিছিল। সমানে বাংলা ভাষাত কাব্য চৰ্চা কৰিছিল। আজি উত্তৰ গুৱাহাটীৰ পৰা কবিগৰাকীৰ নশ্বৰদেহ নিয়া হয় নলবাৰীৰ পকোৱা গাঁৱৰ ঘৰলৈ নিয়া হয়৷ নশ্বৰদেহ আহি পোৱাৰ পিছতে গুণমুগ্ধৰে ঘৰ ভৰি পৰে৷ আবেলি দত্তৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ দত্তৰ মৃত্যুত অসমীয়া সাহিত্য জগতত গভীৰ শোকৰ ছাঁ পৰিছে।

  • Related Posts

    ‘পথত নহয় প্ৰতিযোগিতা, জীৱনেই সৰ্ব্বোচ্চ’, গোৰেশ্বৰত যোগ দিৱস-মটৰ চাইকেল দিৱসত বাইক ৰেলী

    আজি বিশ্ব মটৰ চাইকেল দিৱস৷ বিশ্ব মটৰচাইকেল দিৱস উপলক্ষে আজি গোৰেশ্বৰত সজাগতামূলক বাইক ৰেলী উলিয়াই শতাধিক যুৱকে। যুৱ সমাজকৰ্মী কুলদ্বীপ ৰাজবংশীৰ উদ্যোগত উলিওৱা বাইক ৰেলী যোগে পথ সুৰক্ষাৰ প্ৰতি সচেতনতা…

    ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যোগ দিৱস পালন

    আজি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ১১ তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়৷ ৰাজ্য চৰকাৰৰ উদ্যোগত বাক্সা জিলাৰ শালবাৰীত যোগ দিৱস পালন কৰা হয়৷ ৰাজ্যিক যোগ দিৱস কাৰ্যসূচীত মুখ্যমন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু