ইছলামিক ৰাষ্ট্ৰত নামাজ পঢ়াৰ প্ৰশিক্ষণ লৈছে গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰী

জম্মু-কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে পুনৰ গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ আজি আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ নাম নোলোৱাকৈ অসমৰ এজন সাংসদ বুলি উল্লেখ কৰি অসমৰ এগৰাকী সাংসদে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক স্থাপন কৰি আহিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷ সেই বিস্ফোৰক তথ্য শীঘ্ৰে ৰাজহুৱা কৰা হ’ব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷ চৰকাৰৰ অনুমোদন নোলোৱাকৈ সাংসদজনে ১৫ দিন ইছলামিক ৰাষ্ট্ৰত নামাজ পঢ়াৰ প্ৰশিক্ষণ লৈছিল বুলিও কয় মুখ্যমন্ত্ৰীয়ে৷ আজি উজনি অসমত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰে মুখামুখি হৈ মুখ্যমন্ত্ৰীয়ে কয় যে এজন সাংসদে বিহুৰ ১৫ দিন ধৰি লুকাই আছে৷ বিহুৰ চান্দা দিব লাগিব বুলি লুকাই আছিল৷ গৌৰৱৰ সৈতে দত্তবুলি এজন লোকে টকা সংগ্ৰহ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসমৰ এজন সাংসদে পাকিস্তানৰ দূতাবাসৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছে। সাংসদগৰাকীৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ আহি চৰকাৰৰ হাতত পৰিছে৷ এইবোৰ অহা ৩০ ছেপ্তম্বৰৰ আগতে চৰকাৰে ৰাজহুৱা কৰিব। অনুমোদন নোলোৱাকৈ ইছলামিক ৰাষ্ট্ৰত গৈ দূতাবাসৰ লগত থাকি এক সম্পৰ্ক স্থাপন কৰি আহিছে। ইছলামিক ৰাষ্ট্ৰত থাকি নামাজ পঢ়িবলৈ সাংসদগৰাকীয়ে ভালকৈ প্ৰশিক্ষণ লৈ অহা বুলি বহু বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। ঘৰত থাকি কোনোবাই শত্ৰুতা কৰিলে চিনি পোৱা নাযায়। বাহিৰৰ মানুহে শত্ৰু কৰিলে তাক চিনি পোৱা যায়।

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!