
গুৱাহাটীঃ বিধানসভা উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে বিজেপিয়ে। শীঘ্ৰে অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ ৫ খন বিধানসভা আসনৰ বাবে উপ-নিৰ্বাচনত প্ৰথমগৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ।
চামগুৰি সমষ্টিত বিজেপিৰ জ্যেষ্ঠ নেতা দিপলু ৰঞ্জন ডেকাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপি নেতৃত্বই। সোমবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ঘোষণা কৰিছে এই কথা।