এইবাৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত নগাঁৱত নাৰ্চক হত্যাৰ প্ৰয়াস

বৃহস্পতিবাৰে গুৱাহাটীৰ নাহৰণি পথত মৌচুমী গগৈক হত্যা কৰা হ’ল৷ পিছদিনা অৰ্থাৎ শুকুৰবাৰে মহানগৰীৰ গাড়ীগাঁৱত বৰলুইতৰ ঘাটত হত্যা কৰা হয় অপহৃত ১৩ বছৰীয়া ছাত্ৰী জুহি দাস আৰু স্কুলভান চালক হীৰকজ্যোতি দাসক৷ তাৰ পিছতে আজি শুকুৰবাৰে একেই কাণ্ড সংঘটিত হৈছে মধ্য অসমৰ নগাঁও জিলাত৷ প্ৰেমৰ নামত প্ৰতিদিনে নাৰীজনিত অপৰাধ সংঘটিত হৈ অহাৰ সময়তে নগাঁৱত প্ৰেম প্ৰত্যাখান কৰাত যুৱতীক হত্যাৰ প্ৰয়াস কৰা হয়৷ গুৱাহাটীৰ মৌচুমী, জুহীৰ পাছতে এইবাৰ নগাঁৱত আকলিমা খাতুন নামৰ যুৱতীক হত্যাৰ প্ৰয়াস কৰে এজন যুৱকে৷ বটদ্ৰৱাৰ ভোমোৰাগুৰিত প্ৰেম প্ৰত্যাখ্যান কৰাত মাতাল প্ৰেমিকে কৰ্মৰত নাৰ্চক হত্যাৰ প্ৰয়াস কৰাত হাস্পতালৰ বিছনাত মৃত্যুৰে যুঁজিবলগীয়া হৈছে৷ এখন ব্যক্তিগত হাস্পতালত কৰ্মৰত নাৰ্চক আক্ৰমণ কৰি হত্যাৰ প্ৰয়াস কৰা হয়৷ বিল্লালুদ্দিন নামৰ যুৱকে এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷ জানিব পৰা মতে, বিল্লালুদ্দিন নামৰ যুৱকজনে প্ৰেমৰ প্ৰস্তাৱ দিছিল নাৰ্চ আকলিমাক৷ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত বিল্লালুদ্দিনে ছুৰীকাঘাত কৰে আকলিমাক৷ পাছত নাৰ্চগৰাকীক বটদ্ৰৱাৰ ভোমোৰাগুৰিত অচেতন অৱস্থাত উদ্ধাৰ হোৱাৰ আৰক্ষীয়ে হাস্পতালত ভৰ্তি কৰিছে৷ ছুৰীৰে আক্ৰমণ কৰাই নহয় হাত-ভৰি বান্ধি থোৱাই আছিল। হাস্পতাল কৰ্তৃপক্ষই ভয়ংকৰ কাণ্ডক গাপ দিছিল। হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছিল দিও ভাৰপ্ৰাপ্ত বিষয়া আনন্দ মেধিয়ে তদন্ত নকৰাৰ অভিযোগ উঠিছে৷ পৰিয়ালৰ অভিযোগ মতে, আকলিমাই বিল্লালুদ্দিন প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিছিল৷ যিখন চিকিৎসালয়ত কাম কৰিছিল সেইখন চিকিৎসালয়ৰ পৰা ৩ বান্ধৱীয়ে ওচৰৰ এখন হোটেললৈ মাতি নি চাওমিনৰ সৈতে চেতনা নাশক দ্ৰব্য খুৱাইছিল আকলিমাক৷ তাৰ পিছত পেটত ছুৰীকাঘাত কৰা হৈছিল। হাস্পতালৰ পৰা সুস্থ শৰীৰে ওলাই যোৱাৰ দৃশ্য চিচিটিভিত বন্দী হৈ আছে। তাৰ পিছতে আকলিমাক বটদ্ৰৱাৰ ভোমোৰাগুৰিত উদ্ধাৰ কৰে বটদ্ৰৱা আৰক্ষীয়ে। প্ৰথম হয়বৰগাঁও আৰক্ষী চকীৰ কাষ চাপিছিল যদিও আৰক্ষীয়ে গোচৰ ৰুজু নকৰাৰ অভিযোগ আনি নগাঁৱৰ আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল কৰিছে পৰিয়ালে।

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…