
শাসনৰ গাদী খামুছি ৰখাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৃত মানুহৰ আত্মাকো শান্তি নিদিয়ে৷ ড০ শৰ্মাই তেওঁক ৰাজনৈকিভাৱে সংস্থাপিত কৰা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক শেহতীয়াকৈ এপিএছচিৰ কেলেংকাৰীত জড়িত কৰি আসুৰিক তৃপ্তি লাভ কৰা পৰিলক্ষিত হৈছে৷ দিনদিয়েক পূৰ্বে আৰক্ষীৰ নিৰ্বিচাৰ কন্দুৱা গেছত ৰাইজৰ স্বাৰ্থত প্ৰতিবাদ কৰিবলৈ গৈ ৰাজভৱনৰ ৰাস্তাত মৃত্যু হোৱা মৃদুল ইছলামৰ মৃত্যুৰ কাৰণক লৈয়ো ড০ হিমন্ত বিশ্ব শৰ্মাই নিকৃষ্ট ৰাজনীতি কৰিছে৷ সকলোৰে চকুৰ সন্মুখত মৃদুল ইছলামৰ কন্দুৱা গেছৰ প্ৰভাৱত মৃত্যু হৈছিল আৰু শেহতীয়াকৈ ইয়াক ৰাজনৈতিকৰণ কৰিছে৷ মৃদুল ইছলামৰ পৰিয়ালে ইতিমধ্যে জনাইছে যে তেওঁ সুৰাসক্ত নহয়৷ তাৰ পিছতো মৃত ব্যক্তিজনক বদনামী কৰিবলৈ সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাটোক ব্যৱহাৰ কৰাত উঠি-পৰি লাগিছে হিমন্ত বিশ্ব শৰ্মা৷ আমি স্পষ্ট কৰি দিব বিচাৰো যে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি, অসমৰ মানুহৰ প্ৰাপ্য অধিকাৰৰ দাবীত সংগ্ৰাম কৰি মৃত্যুক সাবতি লোৱা মৃদুল ইছলাম আমাৰ বাবে জাতীয় শ্বহীদ৷ কংগ্ৰেছৰ চৰকাৰ অহাৰ লগে লগে প্ৰথম এশদিনৰ ভিতৰত মৃদুল ইছলামৰ পত্নীক চৰকাৰী চাকৰি দিম৷ এই সম্পৰ্কে আমি নিশ্চিতি প্ৰদান কৰিছো৷ আজি এক বিবৃতিত প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই এইদৰে কয়