
ভোটগ্ৰহণৰ বাবে মাজত কেইটামান ঘণ্টা বাকী থকা অৱস্থাত বিহালীৰ কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ ব্যৱসায় প্ৰতিষ্ঠানত অভিযান চলাইছে অসম আৰক্ষীয়ে৷ বিশ্বনাথ চাৰিআলিস্থিত ৰয়েল পেলেচ আৰু ৰয়েল আবাসত আজি বৃহৎ আৰক্ষীৰ দলে অভিযান চলাই৷ অৰ্ধসামৰিক বাহিনীৰ দল লগত লৈ আৰক্ষীৰ দলে দুয়োখন হোটেল তন্ন তন্নকৈ তালাচী চলাই৷ বিশ্বনাথ চাৰিআলিৰ ৰয়েল পেলেচ আৰু ৰয়েল আবাসত বহু কংগ্ৰেছ নেতা-কৰ্মী থকাৰ সময়তে কোনো লোকক ওলোৱা-সোমোৱা কৰিব নিদি বৃহৎ আৰক্ষীৰ দলে ঘেৰি লৈ অভিযান চলাই গৈছে৷ ভিতৰত সাংবাদিককো প্ৰৱেশ কৰিব দিয়া নাছিল। বিশ্বনাথ জিলাৰ অতিৰিক্ত আয়ুক্তৰ নেতৃত্বত চলা অভিযানত নগদ টকা বা কোনো লোকক আটক কৰা হৈছে নেকি সেই খবৰ পোৱা হোৱা নাই৷ বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ ৰয়েল পেলেচ আৰু ৰয়েল আৱাস নামৰ হোটেলত টকাৰ বিতৰণ কৰি থকাৰ সন্দেহ কৰা হৈছিল৷ সেই খবৰে গোপনে দিয়া হৈছিল আৰক্ষীক৷ আৰক্ষীয়ে কংগ্ৰেছ নেতা, কৰ্মী থকাৰ সময়তে অভিযান চলাই। ধনৰ লেনদেনৰ কিবা তথ্য তথা নগদ ধন উদ্ধাৰৰ বিষয়ে আৰক্ষীয়ে সাংবাদিকক অৱগত কৰা নাই৷ উল্লেখ্য, উপ-নিৰ্বাচন অনুষ্ঠিত বিহালীৰ লগতে অসমৰ আন চাৰিটা বিধানসভা সমষ্টিত কাইলৈ পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীৰ আৱাসত অভিযান চলাইছে আৰক্ষীয়ে৷