কটনৰ প্ৰশাসনিক অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মনক ৰদেৰে কোবাই হত্যা

ছিপাঝাৰৰ পদুমপুখুৰী হাই স্কুলত দশম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত নৱম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হৈছে৷ জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত ভৱেশ ডেকা নামৰ নৱম শ্ৰেণীত অধ্যয়ৰত ছাত্ৰই অকালতে প্ৰাণ হেৰুৱাই৷ এই ঘটনাই অসমীয়া সমাজখনক জোকাৰি গৈছে৷ কিন্তু মানুহে শিক্ষা লোৱা নাই৷ এইখন অসমত পুনৰবাৰ ভয়ংকৰ কাণ্ড সংঘটিত হৈছে৷ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক অধীক্ষকক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰশাসনিক অধীক্ষকক ধ্ৰুৱজ্যোতি বৰ্মনক হত্যা কৰা হৈছে৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি ঘটনাৰ তদন্ত কৰা বুলি জানিব পৰা গৈছে৷ খবৰ মতে, কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক অধীক্ষক বৰ্মনে গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে যাত্ৰা কৰি আছিল৷ তেতিয়া সময় পুৱা প্ৰায় ৭-৩০ বাজিছিল৷ গাড়ী চলাই গৈ থকাৰ সময়তে এখন ট্ৰাকে খুন্দা মাৰিছিল বৰ্মনৰ বাহনত। ট্ৰাকখনৰ নম্বৰ হৈছে এনএল-০১-এএইচ-২৭৮৯৷ এই ট্ৰাকখনে বৰ্মনৰ এএছ-০১-এফটি-২১৭০ নম্বৰৰ ৰেনল্ট বাহনখনক পিছফালৰ পৰা খুন্দা মৰাৰ অভিযোগ উঠিছে। তাৰ পাছতেই বৰ্মনৰ সৈতে ট্ৰাকচালকসকল তৰ্কত লিপ্ত হয়। তৰ্কৰ মাজতে এজন ট্ৰাকচালকে ৰদ এডালেৰে বৰ্মনৰ মূৰত প্ৰহাৰ কৰে৷ ৰদৰ কোব মূৰত লগাত ৰক্তক্ষৰণ হৈ ঢ়লি পৰে বৰ্মন৷ পাছত বৰ্মনে মৃত্যুক আকোৱালি লয়৷ যোৰাবাটৰ দৰে ব্যস্ত এলেকাত ট্ৰাকচালকে মৰিয়াই মৰিয়াই হত্যা কৰাৰ পাছতো ধ্ৰুৱজ্যোতি বৰ্মনক উদ্ধাৰ কৰিবলৈ কোনো লোক আগুৱাই অহা নাহিল৷ আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৈ প্ৰেৰণ কৰে মৃতদেহ৷

  • Related Posts

    পৱন হাজৰিকা কাণ্ড, অনা অসমীয়া লবীৰ বিৰুদ্ধে সৰৱ আছু — ন্যায় বিচাৰিছে হুংকাৰ 

    গুৱাহাটী মহানগৰীত পৱন হাজৰিকা নামৰ এজন খিলঞ্জীয়া যুৱকৰ আত্মহত্যাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ পাছত সদৌ অসম ছাত্ৰ সন্থা (আছু)য়ে এই কাণ্ডক “অসমীয়াৰ ওপৰত অনা-অসমীয়া লবীৰ ষড়যন্ত্ৰ” বুলি…

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ