
অসম জাতীয় পৰিষদে (অজাপ) আজি গুৱাহাটীত এখন সংবাদমেলত কয়লা চিণ্ডিকেট সম্পৰ্কে এক বিস্ফোৰক তথ্য উন্মোচন কৰি বিজেপি নেতৃত্বাধীন চৰকাৰ, বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিমা হাচাওৰ বিজেপি নেতা তথা উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গার্লোছাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
অজাপৰ কার্যকৰী সভাপতি জগদীশ ভূঞাই কয়, “আজিও কয়লাৰ চিণ্ডিকেট চলি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ পৃষ্ঠপোষকতাত। তিনিচুকীয়া, ডিমা হাচাও, কাৰ্বি আংলং আদিত দিছপুৰৰ অনুমোদনত বিজেপি নেতাসকলৰ তত্বাৱধানত অবৈধ খনন, মজুত আৰু সৰবৰাহ চলি আছে।”
দুখন চৰকাৰী পত্ৰ ৰাজহুৱা
ভূঞাই সংবাদমেলত দেৱলাল গাৰ্লোছাৰ স্বাক্ষৰ থকা দুখন চৰকাৰী পত্ৰ প্ৰমাণ হিচাপে উপস্থাপন কৰে।
প্ৰথম পত্ৰত উল্লেখ আছে যে, বিৰেণ সিং ইংহী নামৰ এজন ব্যক্তিক অসম খনিজ উন্নয়ন নিগম (AMDC)-ৰ অধীনত থকা গাৰামপানিৰ কয়লা মজুতৰ পৰা ৫০০০ মেট্ৰিক টন কয়লা উঠাবলৈ NOC দিয়া হৈছিল। দ্বিতীয় পত্ৰখনত ছয়জন কয়লা মাফিয়াক খননৰ অনুমতি দিয়াৰ বাবে AMDC-লৈ পত্ৰযোগে অনুৰোধ জনোৱা হয়। উল্লেখযোগ্য যে, ইয়াৰ অন্তৰালে চলি আছিল কোটি টকাৰ কমিচন।
নাম উল্লেখ থকা কয়লা ব্লক লাভকাৰী
-
লোবেন বথাৰী (উমৰংছু)
-
দিতেন লাংথাছা (উমৰংছু)
-
ধৃতি থাওচেন (মাইবাং)
-
মিঠুনজয় লাংথাছা (হাফলং)
-
মৌচম কেম্প্ৰাই (হাৰাংজাও)
-
এন. জে. লাল খেলমা (উমৰংছু)
ভূঞাই কয়, “এই অনুমতিৰ পটভূমিতেই কোটি কোটি টকাৰ লেনদেন হৈছিল। আৰু এই অপৰাধৰ সৈতে চৰকাৰৰ উচ্চস্তৰৰ হাত জড়িত। শেহতীয়াকৈ ডিমা হাচাওত কয়লাখনত হোৱা দুৰ্ঘটনাত ৯ গৰাকী শ্ৰমিকৰ মৃত্যু এই অবৈধতা প্ৰমাণ কৰি দিয়ে।”
হিমন্ত বিশ্ব শর্মাৰ অতীত আৰু বৰ্তমানৰ চৰিত্ৰ উন্মোচন
ভূঞাই অভিযোগ কৰে যে, “কংগ্ৰেছৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই অঘোষিত মুখ্যমন্ত্ৰীৰ দৰে ৰাজ্য চলাইছিল। ১৫ বছৰৰ যি দোষ, তাৰ দায় তেওঁ এৰি যাব নোৱাৰে। পাঁচ বছৰত হিমন্তই ট্ৰেইলৰে অসম লুটি পেলালে, আৰু ‘ফুল ড্ৰামা’ হ’লে অৱস্থা কিমান ভয়ংকৰ হ’ব, সেয়া ৰাইজে নিজেই চিন্তা কৰক।”
ভূঞাই লগতে কয়, “আজিৰ মুখ্যমন্ত্ৰীৰ ৪টা নিজস্ব সংবাদ চেনেল আছে, যি চেনেল নিজেই প্ৰশ্ন সাজে আৰু মুখ্যমন্ত্ৰীৰ হাতত দিয়ে। এনে ব্যৱস্থাই গণতন্ত্ৰক চাৰ্কাছলৈ ৰূপান্তৰ কৰিছে।”
তদন্ত আৰু উত্তৰৰ দাবী
অজাপে এই সম্পূর্ণ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে চিআইডি অথবা স্বাধীন সংস্থাৰ দ্বাৰা তদন্তৰ দাবী জনাইছে আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে — “আপোনাৰ চৰকাৰৰ কুকৰ্মৰ দস্তাবেজ ইমান দীঘল যে ইয়াৰ উত্তৰ দিয়াতো বহু বছৰ লাগিব।”