গুৱাহাটীঃ কলকাতাৰ মহিলা চিকিৎসকৰ সৈতে সংঘটিত লোমহৰ্ষক কাণ্ডৰ দৰে পৰিণামৰ সন্মুখীন হ’ব লাগিব বুলি যুৱকৰ দলৰ ভাবুকি তিনিচুকীয়া মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক। সামাজিক মাধ্যমযোগে ছাত্ৰীগৰাকীৰ এজন বন্ধুৱে এই অভিযোগ উত্থাপন কৰাৰ পিছতে তদন্তত নামি পৰিছে আৰক্ষী।
তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীৰ এজন বন্ধুৱে ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰি অভিযোগ কৰে যে তিনিচুকীয়াৰ এটিচি মলৰ সমীপত ৮-১০ জনীয়া যুৱকৰ এটা দলে ছাত্ৰীগৰাকীক কলকাতা কাণ্ডৰ দৰে পৰিণতিৰ সন্মুখীন হ’ব লাগিব বুলি ভাবুকি প্ৰদান কৰে।
কিন্তু আৰক্ষীয়ে এই অভিযোগৰ প্ৰাৰম্ভিক তদন্ত চলাই ছাত্ৰীগৰাকীৰ বন্ধুৱে কৰা সামাজিক মাধ্যমৰ অভিযোগ আৰু ঘটনা সংঘটিত হোৱা বুলি দাবী কৰা এলেকাৰ চিচিটিভি ফুটেজৰ মাজত কোনো সাদৃশ্য নাই বুলি মন্তব্য কৰে। অৱশ্যে আৰক্ষীয়ে এই অভিযোগক গুৰুত্বসহকাৰে লৈ তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিছে।