কৃষক নেতা ৰাকেশ টিকটক আক্ৰমণৰ প্ৰয়াস, মূৰৰ পৰা খুলি পৰিল পাগুৰী

উত্তৰ প্ৰদেশৰ মুজফ্‌ফৰনগৰত ভাৰতীয় কৃষক ইউনিয়নৰ ৰাষ্ট্ৰীয় প্ৰৱক্তা চৌধুৰী ৰাকেশ টিকটৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হয়৷ জন আক্রোশ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ ল’বলৈ অহা ভাৰতীয় কৃষক ইউনিয়নৰ ৰাষ্ট্ৰীয় প্ৰৱক্তা চৌধুৰী ৰাকেশ টিকেটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি একাংশ লোকে আক্ৰমণ কৰিবলৈ উদ্যত হয়। ফলত পাগুৰী খুলি পৰে৷ ‘গুলী মাৰৌ চালেকৌ’ বুলি শ্ল’গান দি হেঁচা-ঠেলা কৰাৰ সময়ত মূৰৰ পৰা পগুৰী খুলি পৰে। পৰিস্থিতি উত্তপ্ত হোৱাত আৰক্ষীয়ে তেওঁক নিৰাপত্তাৰ বেষ্টনীৰ সৈতে আঁতৰাই নিয়ে৷ ঘটনা মুজফ্‌ফৰনগৰৰ টাউন হল ময়দানত সংঘটিত হয়৷ য’ত পাকিস্তানৰ বিৰুদ্ধে বিভিন্ন হিন্দু সংগঠনৰ উদ্যোগত এক জন আক্রোশ ৰেলি অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানত টিকটে মাইক লৈ ভাষণ দিয়াৰ চেষ্টা কৰোঁতেই কিছু লোকে চিঞৰ-বাখৰ আৰম্ভ কৰে। বিক্ষোভকাৰীসকলে টিকেটৰ বিৰুদ্ধে বিৰোধ কৰি শ্ল’গান দিবলৈ আৰম্ভ কৰে। জানিব পৰা মতে, বিৰোধ তীব্ৰ হোৱাত ভাৰতীয় কৃষক ইউনিয়নৰ কৰ্মী আৰু আৰক্ষীয়ে টিকটক নিৰাপত্তাৰ সৈতে স্থানান্তৰ কৰাৰ চেষ্টা কৰে। এই সময়তে এগৰাকী যুৱকে পতাকা লৈ তেওঁৰ মূৰত আক্ৰমণ কৰাৰ চেষ্টা কৰে, যদিও সহযোগীসকলে সেই চেষ্টা ব্যৰ্থ কৰে। আক্ৰমণ কৰিবলৈ একাংশ লোকে আগুৱাই অহাত এজন লোকে হাতেৰে তেখেতৰ পাগুৰী ধৰিবলৈ অহা খহি পৰে৷ যাক পাছত পুনৰ পিন্ধোৱা হয়। আৰক্ষী অধীক্ষক সত্যানাৰায়ণ প্ৰজাপতি ঘটনাস্থলীত উপস্থিত হৈ টিকটক সুৰক্ষিতভাৱে উলিয়াই নিয়ে। এই প্ৰতিবাদৰ মূল প্ৰেক্ষাপট হৈছে পেহেলগামত সংঘটিত উগ্ৰপন্থী আক্ৰমণক লৈ ৰাকেশ টিকেটে দিয়া মন্তব্য। এক মন্তব্যত তেওঁ কৈছিল, “চোৰ আপোনাৰ মাজতেই আছে, পাকিস্তানত নহয়…যিয়ে হিন্দু-মুছলমান কৰিছে, সেই উত্তৰ তাৰ ওচৰত আছে। এই মন্তব্যৰ পিছতে বহু সংগঠনে তেওঁক ষড়যন্ত্ৰক সহানুভূতি দেখুওৱা বুলি অভিযোগ তোলে। এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাই ভাৰতীয় কৃষক ইউনিয়নে মুজফ্‌ফৰনগৰত ট্রেক্টৰ মাৰ্চৰ ঘোষণা কৰিছে। টিকটে নিজে কয় যে এই জন আক্রোশ যাত্ৰা ষড়যন্ত্ৰমূলকভাৱে আয়োজন কৰা হৈছিল৷ এইটো কৃষক আন্দোলনক দমন কৰাৰ ষড়যন্ত্ৰ। আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰিব লাগিব। ভিডিঅ’ ফুটেজ উপলব্ধ আছে। এই ট্রেক্টৰ মাৰ্চ সকলোৰে সহযোগত হ’ব। এই ঘটনাই উত্তৰ প্ৰদেশৰ ৰাজনৈতিক আৰু সামাজিক পৰিৱেশত বিতৰ্কৰ সঞ্চাৰ কৰিছে। সংবিধানৰ অধীনত অভিব্যক্তিৰ স্বাধীনতা থকা কোনো ৰাজনৈতিক বা কৃষক নেতা প্ৰতি এনে হিংসাত্মক আচৰণত অনেকেই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

  • Related Posts

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ