কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক ‎সংবাদমেলোযোগে কেবিনেটৰ সিদ্ধান্ত সমূহ ঘোষণা কৰে। কেবিনেটে ‘শ্ৰদ্ধাঞ্চলি’ নামৰ এক নীতিত অনুমোদন জনায়। এই ‎নীতি অনুসৰি এতিয়াৰে পৰা অসমৰ বাহিৰত কাম কৰিবলৈ বা পঢ়া শুনা কৰিবলৈ গৈ মৃত্যু হোৱা লোকসকলৰ মৃতদেহ স-‎সন্মানেৰে অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ বাবে ৰাজ্য চৰকাৰে এক পুঁজি মুকলি কৰিব। দৰিদ্ৰ লোকসকলে ‎বহিঃৰাজ্যৰ পৰা নিজৰ পৰিয়ালৰ মৃতদেহ ঘূৰাই আনিবলৈ সক্ষম নোহোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি ঘোষণা ‎কৰে মুখ্যমন্ত্ৰীয়ে। অৱশ্যে চিকিৎসাৰ বাবে অন্য ৰাজ্যলৈ যোৱা আৰু চিকিৎসাৰ সময়ছোৱাত মৃত্যু হোৱা ব্যক্তিৰ ক্ষেত্ৰত এই ‎সুবিধা প্ৰযোজ্য নহ’ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে।

এই আঁচনিখন কেৱল কামলৈ বা পঢ়া-শুনা কৰিবলৈ ওলাই ‎যোৱাসকলৰ বাবেহে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি অসম আৰক্ষীৰ বিশেষ শাখাক এই নীতি ৰূপায়ণ আৰু নিৰীক্ষণৰ ‎দায়িত্ব অৰ্পণ কৰা হ’ব। বহিঃৰাজ্য কোনো লোকৰ মৃত্যু হ’লে পৰিয়ালসমূহে জৰুৰীকালীন নম্বৰ ১১২ত ফোন কৰিব ‎পাৰিব আৰু বিশেষ শাখাই তৎক্ষণাত এই প্ৰক্ৰিয়া আৰম্ভ কৰিব এবাৰ পৰিয়ালটোৱে ১১২ নম্বৰৰ সৈতে যোগাযোগ কৰাৰ ‎পিছত বিশেষ শাখাই সবিশেষ পৰীক্ষা কৰিব, আৰু এজন ডি আই জি পৰ্যায়ৰ বিষয়াই মৃতদেহটো সম্পূৰ্ণ সন্মানেৰে ‎অসমলৈ ঘূৰাই অনাটো নিশ্চিত কৰাৰ দায়িত্ব ল’ব।

ইয়াৰ উপৰিও এই কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আইচিডিএছৰ ছুপাৰ ভাইজ’ৰৰ পদ ৫০ ‎শতাংশ সংৰক্ষণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে । ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি গোৱালপাৰাৰ উৰপদ বিলক ‎বনাঞ্চললৈ ৰূপান্তৰ কৰা হ’ব। সংৰক্ষিত বনাঞ্চলৰ বাবে ৯০০০ বিঘা ভূমিত ইতিমধ্যে উচ্ছেদ কৰা হৈছে বুলি শৰ্মাই ‎সংবাদমেলত জানিবলৈ দিয়ে। অৱশ্যে এই সিদ্ধান্ত সম্পৰ্কে কিবা আপত্তি থাকিলে স্থানীয় ৰাইজে এমাহৰ ভিতৰত লিখিত ‎অভিযোগ দাখিল কৰিব পাৰিব। ইয়াৰ উপৰিও গোৱালপাৰাৰ হাচিলা বিলকো বনাঞ্চললৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ ‎কৰে ৰাজ্যিক কেবিনেটে। লগতে ষ্টেট মিনাৰেল এক্সপ্লোৰেচন ট্ৰাষ্ট গঠনৰ অনুমোদন জনায় কেবিনেটে। অসমত খনিজ ‎পদাৰ্থৰ অন্বেষণ কৰিবৰ বাবে এই ট্ৰাষ্ট গঠন কৰা হৈছে।

ইয়াৰ উপৰিও কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে এতিয়াৰে পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সমগ্ৰ শিক্ষা অভিযান, আৰু শক্তি ‎বিভাগৰ কৰ্মচাৰীয়ে ‘আপোন ঘৰ’ আৰু ‘আপোন বাহন’ৰ সুবিধা লাভ কৰিব । চন্দ্ৰপুৰত নৱোদয় বিদ্যালয় স্থাপনৰ বাবে ‎ৰাজ্য চৰকাৰে ৪০ বিঘা মাটি আবন্টন দিব। শেহতীয়াকৈ মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ দৰমহা বৃদ্ধি সম্পৰ্কেও ৰাজ্যিক ‎কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটে ৰান্ধনী সকলৰ দৰমহা ২০০০ টকালৈ বৃদ্ধিত অনুমোদন জনায়। লগতে ৰাভা ‎হাছং উন্নয়ন পৰিষদ গঠনতো অনুমোদন জনায় দেওবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটে।

  • Related Posts

    ধুবুৰীৰ চাপৰত আদানী প্ৰকল্পৰ বাবে ৩৫০০ বিঘা মাটিত বৃহৎ উচ্ছেদ অভিযান — উত্তপ্ত পৰিস্থিতি

    অসম চৰকাৰৰ উদ্যোগত আজিৰে পৰা নামনি অসমৰ ধুবুৰী জিলাৰ চাপৰত আৰম্ভ হৈছে ৰাজ্যৰ ইতিহাসৰ আটাইতকৈ বৃহৎ উচ্ছেদ অভিযান। আদানী গোটৰ প্ৰস্তাৱিত তাপ-বিদ্যুৎ প্ৰকল্পৰ বাবে ৩৫০০ বিঘা ভূমি খালী কৰিবলৈ ১০৬৯টা…

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!