
গুৱাহাটীঃ শুকুৰবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকৰ পিছতে কেবিনেটে গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰী কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিক্ষা খণ্ডত উন্নয়ন আৰু নিযুক্তি বৃদ্ধিৰ ক্ষেত্ৰত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৈঠকত মাতৃভাষা মাধ্যমৰ বেচৰকাৰী বিদ্যালয়সমূহৰ ২৫ শতাংশ আসন দৰিদ্র শিক্ষার্থীৰ বাবে সংৰক্ষিত কৰি ৰখাৰ প্ৰাৰম্ভিক প্ৰস্তাৱ আগবঢ়োৱা হৈছে।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, এই প্রস্তাৱ অনুমোদনৰ পাছত কাৰ্যকৰী হ’লে সামাজিক সংস্থাৰ দ্বাৰা পৰিচালিত অসমীয়া বা আন মাধ্যমৰ মান সম্পন্ন বেচৰকাৰী বিদ্যালয়ত সংৰক্ষিত ২৫ শতাংশ আসন দুখীয়া ল’ৰা-ছোৱালীৰ বাবে মুকলি কৰি দিয়া হ’ব আৰু তেনে শিক্ষার্থীৰ মাচুল ৰাজ্য চৰকাৰে বহন কৰিব।
ইপিনে কেবিনেটত লোৱা সিন্ধান্তমর্মে ৰাজ্যৰ বিদ্যালয়সমূহত শীঘ্রেই ১৭৬৬ গৰাকী গণিত বিষয়ৰ স্নাতক শিক্ষকক নিযুক্তি প্রদান কৰা হ’ব বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে। তদুপৰি পলিটেকনিক তথা অভিযান্ত্রিক মহাবিদ্যালয়ৰ ২২১টা পদতো নতুন নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।
ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তৰ পাছতেই শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে, শিক্ষাসেতু এপ আৰু বিদ্যা সমীক্ষা কেন্দ্রই বিষয় অনুপাতে শিক্ষক-শিক্ষয়িত্ৰীৰ উপলব্ধতা বিশ্লেষণৰ মাধ্যমেৰে দিয়া তথ্য অনুসৰি বিজ্ঞান বিষয়ৰ ৪ হাজাৰৰো অধিক স্নাতক শিক্ষকৰ ভিতৰত কেৱল ১২০০ গৰাকীহে গণিত স্নাতক। এই পৰিসংখ্যাৰ ভিত্তিতেই মাধ্যমক বিদ্যালয়সমূহত গণিতৰ স্নাতক শিক্ষকক নিযুক্তি দিয়াৰ বাবে অতিৰিক্ত পদ সৃষ্টি কৰিবলৈ কেবিনেটে অনুমোদন জনাইছে।
তেওঁ লগতে কয় যে, বিদ্যালয়সমূহত পর্যাপ্ত গণিত শিক্ষক নথকা বাবেই শিক্ষার্থীৰ গণিতৰ প্রতি অহেতুক ভীতি বৃদ্ধি পাইছে। ইপিনে দীর্ঘদিন ধৰি খালী হৈ থকা আৰবী, পাৰ্চী আদিৰ দৰে বিষয়ৰ অনুমোদিত পদসমূহৰ শীঘ্রেই বিলুপ্তি ঘটাই তাৰ ঠাইত বিষয় অনুসৰি নিযুক্তি সম্পন্ন কৰাৰ পৰিকল্পনা কৰা হৈছে বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
ইফালে, শুকুৰবাৰে এই কেবিনেটত ক্ষুদ্ৰ ব্যৱসায়ক লৈও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জিএচটি জাননী প্ৰেৰণক লৈ সিদ্ধান্ত গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৫ লাখৰ ওপৰৰ টেক্স ভেল্যু হ’লেহে জাননী যাব। তাৰ বিপৰীতে ৫ লাখৰ তলৰ টেক্স ভেল্যুৰ ক্ষুদ্ৰ ব্যৱসায়ীলৈ ৰেহাই দিয়া হৈছে। জিএচটিৰ ধাৰা ১৬১ অনুসৰি ৰাজ্যিক কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰেিছে। ইয়াৰোপৰি, পুৰণি জাননীৰ পৰাও ৰেহাই পাব ক্ষুদ্ৰ ব্যৱসায়ীসকলে।
ইতিমধ্যে ৪১খন গাঁও বি টি আৰত অন্তৰ্ভুক্ত কৰাৰ উপৰি বড়ো চুক্তি অনুসৰি শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ৬০খন গাঁও বি টি আৰত অন্তৰ্ভুক্ত কৰা হ’ব। আনহাতে কেবিনেটতে মৰাণ আৰু মটক স্বায়ত্তশাসিত পৰিষদৰ সদস্য বৃদ্ধিৰো সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি পৰিষদৰ বৰ্তমানৰ সদস্য সংখ্য ২২ৰ পৰা ২৭লৈ বৃদ্ধি কৰা হয়।