গান্ধীক হত্যা কৰা গডছেৰ বন্দুকটোক বিজেপিয়ে প্ৰতীক চিহ্ন কৰকঃ ভূপেন বৰা

আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্বনাথ জিলাত ভূপেন বৰাই নিৰ্বাচনী প্ৰচাৰ চলায়। কংগ্ৰেছ প্ৰাৰ্থীসকলৰ হকে ৰাইজক ভোট দিবলৈ আহ্বান জনায় ভূপেন বৰাই৷ বিজেপিয়ে নাথুৰাম গডছেৰ বন্দুকটো বিজেপিৰ দলীয় চিহ্ন হিচাপে ব্যৱহাৰ কৰিব লাগে। বিজেপি দলে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই বুলি দাবী কৰি বৰাই কয় যে আজিকালি মহিলা ঘৰত নাথাকে৷ কিছুদিন আগতে হিমন্ত বিশ্ব শৰ্মাই অমৃত বৃক্ষ ৰোপণ কৰিবলৈ দি মহিলাক লাখপতি বাইদেউ কৰিম বুলি কৈছিল৷ সন্মুখত বহি থকা মহিলাসকলক কোনে লাখপতী বাইদেউ হৈছে বুলি প্ৰশ্ন কৰি হাত দাঙিবলৈ কয় বৰাই৷ কিন্তু এগৰাকীও মহিলাই হাত নাধাঙিলে৷ যেতিয়া মুখ্যমন্ত্ৰীয়ে সকলো মহিলাক লাখপতী বাইদেউ বনাই দিম বুলি ক’লে তেতিয়া আমি ভয় খাই গ’লো৷ তেতিয়া আমি ভাবিছিলো সকলো মহিলাই যদি লাখপতী হৈ যায় আমাৰ মিটিঙত মানুহ ক’ত আহিব৷ গোলাঘাটত এখন সভাত মহিলা সুধিলে মামা পইছা কেতিয়া পাম৷ তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিল আপোনালোকে চিন্তা নকৰিব৷ আপোনালোকে পাঁচবুক খুলি থব৷ মোবাইলত শব্দ ওলাব আৰু পইছা সোমাই যাব৷ তেতিয়া অমৃত বৃক্ষ ৰোপণ কৰা বহু মহিলাই ৰাতি মোবাইল বন্ধ নকৰি গাৰুৰ তলত থৈ দিয়ে৷ এদিন বিশ্বনাথত ৰাতি এগৰাকী মহিলাৰ মোবাইলত মেছেজ আহিল৷ ৰাতি লাইট জ্বলাই দেখিলে যে ৬০ টকা কটা গৈছে৷ এবছৰ আগতে খোলা বেংক একাউণ্টাৰ বাবে মেনটেনেন্সৰ বাবে ৬০ টকা কাটি লৈ গ’ল৷ যেতিয়া হিমন্ত বিশ্ব শৰ্মাই এইফালে প্ৰচাৰৰ বাবে আহিব তেতিয়া অমৃতবৃক্ষ ৰোপণ কৰা মহিলাই সুধিব লাগে যে আমি পাঁচবুক খুলিলো, কিন্তু এক লাখ টকা কিয় নোসোমাল৷ আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে কংগ্ৰেছৰ হাতৰ চিনৰ সলনি লুঙী প্ৰতীক কৰিবলৈ আহ্বান জনাইছিল৷ মুখ্যমন্ত্ৰীৰ সেই কটুক্তিৰ উত্তৰ দি মহাত্মা গান্ধীক হত্যা কৰা নাথুৰাম গডছেৰ বন্দুটোক বিজেপিৰ প্ৰতীক কৰিবলৈ আহ্বান জনাইছে ভূপেন কুমাৰ বৰাই৷ ইপিনে অসমৰ মুখ্যমন্ত্ৰীৰ চকীখনত ভাৰতৰত্ন গোপীনাথ বৰদলৈ বহিছিল বুলি মুখ্যমন্ত্ৰীক মনত পেলাই দি কয় যে কল্পনা কৰক গোপীনাথ বৰদলৈৰ মুখত তেনে কথা ওলালহেঁতেন নে বুলি প্ৰশ্ন কৰে? মুখ্যমন্ত্ৰী শৰ্মাৰ ৰাজনৈতিক শিপাৰ কথা সোঁৱৰাই দি কংগ্ৰেছেই তেওঁক ৰাজনীতিৰ বিষয়ে সকলো শিকাইছিল। তেওঁ কংগ্ৰেছৰ টিকটত জালুকবাৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল, জয়ী হৈছিল আৰু তিনিবাৰ মন্ত্ৰী হিচাপে শপত লৈছিল। তেওঁৰ কেৰিয়াৰ গঢ়ি তোলা দলটোক বদনাম কৰিছে। বৰাই মুখ্যমন্ত্ৰীক কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰি বিজেপিৰ চিহ্ন সলনি কৰিবলৈ কৈ আহ্বান জনাই কয় যে বিজেপিয়ে পদুমৰ চিহ্নৰ সলনি নাথুৰাম গডছেয়ে মহাত্মা গান্ধীক হত্যা কৰিবলৈ ব্যৱহাৰ কৰা বন্দুকটো প্ৰতীক কৰক৷

  • Related Posts

    “কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

    ১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ…

    “খিলঞ্জীয়াৰ মাটি পুঁজিপতিক গতাব”, ভূমি আইন সংশোধনৰ প্ৰস্তাৱক লৈ প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

    অসমত খিলঞ্জীয়া ৰাইজৰ পুৰুষ-পূৰ্বেৰে ৰক্ষা কৰি অহা ভূমি এতিয়া পুঁজিপতি গোষ্ঠীৰ হাতলৈ দিয়াৰ চেষ্টাত চৰকাৰ লিপ্ত হৈছে — এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ (অজাপ)। আজি গুৱাহাটীত অনুষ্ঠিত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ