ঘোষা গাই অসমবাসীক ক্ষমা খুজিলে বিতৰ্কিত বিধায়ক কূৰ্মীয়ে

মাধৱদেৱ গুৰুজনাৰ দ্বাৰা ৰচিত নামঘোষা গাই অসমবাসীক ক্ষমা খুজিলে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কূৰ্মীয়ে। মাধৱদেৱ গুৰুজনাৰ ‘‘মুক্তিত নিস্পৃহ যিটো, সেহি ভকতক নমো/ৰসময় মাগোহো ভকতি’’… ঘোষা আওৰাই অসমবাসীক আজি বিধানসভাৰ বাহিৰত সাংবাদিকৰ কেমেৰাৰ সন্মুখত ঘোষা গাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ পৰামৰ্শ মৰ্মে ক্ষমা খোজা বুলি উল্লেখ কৰে। ৰূপজ্যোতি কূৰ্মীয়ে কয় যে উক্ত দিনা মোৰ সুখ দুখ লাগিল। হয়তো চাহ জনগোষ্ঠীৰ লোক হিচাপে ৰজাঘৰীয়াৰ লোকসকলে মোক লৈ চিন্তা কৰে। কিন্তু মোক বাধা দিবলৈ চেষ্টা কৰে। লগতে কোনোবা মিৎা বিধায়কে বেয়াকৈ ক’বলৈ সাহস কৰা বুলি উল্লেখ কৰি কূৰ্মীয়ে কয় যে সেয়া মই অসমৰ ৰাইজৰ ওপৰত এৰিলো। আমি অসমৰ মাটি, পানী, বায়ুৰ লগতে মিলি অসমৰ অৰ্থনীতিত আগবঢ়োৱা, অসমত বাস কৰি অলমত বৰঙণি আগবঢ়াইছো৷ বৃহত্তৰ অসমীা জাতি মিলি পৰিলো৷ আমি খিলঞ্জীয়া লোক৷ কোনোবা মিঞাই আহি এনেকৈ বেয়াকৈ ক’ব, এই বিচাৰ অসমৰ ৰাইজৰ ওপৰত এৰিলো৷

  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ