চাবুৱা-লাহোৱালত পঞ্চায়তক লৈ অগপ-বিজেপিৰ মিত্ৰতা সম্পন্ন

বিৰোধী দলসমূহৰ মাজত খোৱা-কামোৰা অব্যাহত থকাৰ সময়তে ৰাজ্যৰ দুই শাসকীয় দল বিজেপি আৰু অগপই পঞ্চায়ত নিৰ্বাচনপ বাবে জিলা আৰু সমষ্টি পৰ্যায়ত মিত্ৰতা সম্পন্ন কৰা পৰিলক্ষিত হৈছে৷ কেইবাটাও সমষ্টিত বুজাবুজি কৰাৰ দৰেই উজনিৰ চাবুৱা সমষ্টিত অগপ আৰু বিজেপিৰ মাজত পঞ্চায়ত নিৰ্বাচনক লৈ ভাগ-বাটোৱাৰা সম্পন্ন হৈছে৷ ৰাজ্যত অগপ আৰু বিজেপিৰ চৰকাৰ চলি থকাৰ সময়তে পঞ্চায়ত নিৰ্বাচনক লৈ সমষ্টিটোত দুয়ো দলৰ মাজত আউল লাগিছিল যদিও অৱশেষত বৰফ গলিল৷ চাবুৱা-লাহোৱাল সমষ্টিত দুয়োটা দলে আসন ভাগ-বাটোৱাৰা সম্পন্ন কৰে৷ চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা বিজেপি বিধায়ক বিনোদ হাজৰিকাই এক সংবাদমেল যোগে কেই কেইটা সমষ্টিত অগপই আৰু কোন কেইটা সমষ্টিত বিজেপিয়ে খেলিব তাক লৈ সিদ্ধান্ত লয়৷ এদিন পূৰ্বে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা আৰু চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই দিনজোৰা আলোচনাৰ অন্তত এই সিদ্ধান্ত লয়৷ চাবুৱা সমষ্টি অগপৰ দখলত আছে ভাৰতীয় জনতা পাৰ্টিও শক্তিশালী৷ যাৰ বাবে বিজেপিয়ে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাক প্ৰতিনিধি হিচাপে নিয়োগ কৰি পুনৰ গঠিত চাবুৱা-লাহোৱাল সমষ্টিত ৰাজ্যিক মিত্ৰতাৰ দৰেই মিত্ৰতা সম্পন্ন কৰে। ৰাজ্যিক বিজেপি আৰু বিজেপিৰ ডিব্ৰুগড় সমিতিৰ পৰামৰ্শ ক্ৰমে দুই বিধায়ক মিলিত হৈ আসন ভাগ-বাটোৱাৰা কৰে। ৬ মাৰ্চৰ পুৱাৰে পৰা বিধায়ক পোনাকণ বৰুৱা আৰু বিধায়ক বিনোদ হাজৰিকাই আলোচনা বহে। চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ চাৰিটা জিলা পৰিষদ, ১৮ খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত কোনটো কাৰ হাতলৈ যাব তাৰ সিদ্ধান্ত লয়৷ দুয়োগৰাকী বিধায়কৰ আলোচনা মৰ্মে চাৰিটা জিলা পৰিষদৰ ভিতৰত ডিকম আৰু বকুলত ভাৰতীয় জনতা পাৰ্টি, দিনজয় আৰু মদাৰখাত জিলা পৰিষদত অসম গণ পৰিষদে প্ৰাৰ্থিত্ব আগবঢ়াব। সমষ্টিটোত ১৮ খন গাঁও পঞ্চায়ত অৰ্থাৎ আঞ্চলিক পঞ্চায়তৰ ভাগ-বাটোৱাৰা কৰা হয়। ১১ খন আঞ্চলিক পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাৰ্থিত্ব দিব আৰু ৭ খনত অসম গণ পৰিষদে প্ৰাৰ্থিত্ব আগবঢ়াব। আনহাতে, পঞ্চায়ত আইন অনুসৰি ৱাৰ্ড পৰ্যায়ত দলীয় কোনো প্ৰতীক ব্যৱহাৰ নহয় বাবে সকলোৱে প্ৰাৰ্থিত্ব আগবঢ়োৱাত কোনো দলীয় বুজাবুজিৰ প্ৰয়োজন নথকাৰ বাবে পাৰিলে প্ৰাৰ্থীসকলৰ নিজা নিজা বুজাবুজি হোৱাৰ আশা প্ৰকাশ কৰিছে বিধায়কদ্বয়ে। অৱশেষত, ভাৰতীয় জনতা পাৰ্টিয়ে ঠিৰাং কৰি থোৱা ডিকম জিলা পৰিষদৰ বাবে প্ৰাৰ্থী ব্ৰজেন গগৈ আৰু বকুল জিলা পৰিষদৰ বাবে প্ৰাৰ্থী খগেন ৰাজৱাৰে প্ৰৰ্থিত্ব আগবঢ়োৱাটো নিশ্চিত হৈ পৰিছে। অগপ ই দিনজয় জিলা পৰিষদৰ বাবে হেৰলিন নন্দক প্ৰাৰ্থিত্ব প্ৰদান কৰাটো নিশ্চিত আৰু মদাৰখাত জিলা পৰিষদৰ বাবে কেইবাগৰাকীয়ে প্ৰাৰ্থিত্ব বিচাৰিছে বুলি জানিব পৰা গৈছে।

  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ