চিণ্ডিকেটৰ টকা লাগে মনোৰঞ্জন তালুকদাৰক, ভাইৰেল কল ৰেকৰ্ডিং

ৰাজ্যৰ ৰাজনীতিত আলোচনা-সমালোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ভাইৰেল হোৱা এটা কল ৰেকৰ্ডিং। এই ৰেকৰ্ডিংত নিজকে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ এজন ব্যক্তিৰ নামৰ অন্য এজন ব্যক্তিৰ মাজৰ কথোপকথনে চিণ্ডিকেটৰ টকা আদি-প্ৰদানৰ গুৰুতৰ অভিযোগৰ ইংগিত দিছে।

কথোপকথনৰ মাজত ‘মনোৰঞ্জন তালুকদাৰ’ই  কয়, “মোৰ ইলেকচন নহয়, মই এছেম্বলীৰ টাইমত আপোনালোকক জুলুম কৰা নাই। এতিয়াওতো এমএলএ মই, তথাপিও একো জুলুম কৰা নাই।” উত্তৰত হৰ্ষই লগ কৰাৰ প্ৰস্তাৱ দিয়াত তালুকদাৰে কয়, “লগ কৰিম মানে মোক এটা হেভী এমাউণ্ট লাগিব… হৰেণ মহন্তক ক’ব দিয়ক তালুকদাৰে বিচাৰিছে বুলি। ২-৪ দিনতকৈ বেছি নহয়, এমাউণ্টটো হেভী লাগিব।”

গুৰুত্বপূৰ্ণ যে, বিধানসভা নিৰ্বাচনৰ সময়ত চুপাৰি চিণ্ডিকেটৰ অভিযোগ উত্থাপন কৰি তালুকদাৰে হৰেণ মহন্তৰ নাম উল্লেখ কৰিছিল। পৰৱৰ্তী সময়ত এই ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছত পূৰ্বৰ মন্তব্যৰ সৈতে ইয়াৰ সম্পৰ্কৰ প্রশ্ন উঠিছে। ৰেকৰ্ডিংটোৰ কণ্ঠস্বৰ তালুকদাৰৰ নে তাৰ সত্যতা স্পষ্ট হোৱা নাই।

ৰাজনৈতিক মহলৰ একাংশে এই ঘটনাক চিণ্ডিকেটৰ জালৰ গুৰুত্বপূৰ্ণ প্রমাণ বুলি গণ্য কৰিছে, আনহাতে অন্য পক্ষই ইয়াক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। ৰাজ্যিক নির্বাচনী আয়োগ আৰু প্ৰশাসনই বিষয়টোৰ তদন্ত কৰাটো প্ৰয়োজন বুলি জনসাধাৰণে মন্তব্য কৰিছে।

মনোৰঞ্জন তালুকদাৰ আৰু হৰেণ মহন্তৰ পক্ষৰ পৰা এতিয়ালৈকে আনুষ্ঠানিক কোনো প্রতিক্রিয়া পোৱা নাই। ঘটনাক্ৰমে, এই ৰেকৰ্ডিংয়ে ৰাজনীতিত নতুনকৈ উত্তাপ সৃষ্টি কৰাৰ লগতে চিণ্ডিকেট বিৰোধী আলোচনাক পুনৰ জীয়াই তুলিছে।

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে