অৱশেষত সৰ্বানন্দ সোণোৱাল নামিল উপ-নিৰ্বাচনৰ প্ৰচাৰত৷ বিগত তিনিটা বছৰে সৰ্বানন্দ সোণোৱালে অসমত বিজেপিৰ সাংগঠনিক কাম-কাজৰ পৰা আতৰি আছে যদিও ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ সক্ৰিয় হৈছে৷ ৰাজ্যৰ ৫ সমষ্টিত অনুষ্ঠিত উপ-নিৰ্বাচনত সোণোৱালে নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে৷ সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে চিদলী বিধানসভা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই পাঁচোটা সমষ্টিত এনডিএ প্ৰাৰ্থী জয় লাভ কৰিব বুলি দাবী কৰিছে৷ ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ প্ৰচাৰ চলাই সোণোৱালে কয় যে বিটিআৰত শান্তি স্থাপন হৈছে৷ উন্নয়ন হৈছে৷ এনডিএয়ে সমন্বয় সাধন কৰিছে। বসুগাঁৱত বিশাল ৰেলী সম্বোধন কৰি সৰ্বানন্দ সোণোৱালে কয় যে দেশৰ প্ৰতিটো কোণৰ বিকাশ কৰাটো এনডিএৰ মূলমন্ত্ৰ। চিদলী তথা বাসুগাঁও অঞ্চলৰ লোকসকলক বিশেষ আশ্বাস দিয়ে৷ ৰে’ল ভ্ৰমণৰ সুবিধাৰ বাবে বসুগাঁও ৰে’ল ষ্টেচনত ৰে’ল ৰখাৰ ব্যৱস্থা কৰিবলৈ ৰে’ল মন্ত্ৰীৰ সৈতে আলোচনা কৰিব বুলি কয়। উপ-নিৰ্বাচনৰ সভাত ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়ো উপস্থিত থাকে৷
বিষাক্ত দিল্লীৰ বাবে বুধবাৰৰ দিনটো আছিল সামান্য স্বস্তিৰ দিন
বিষাক্ত দিল্লীৰ বাবে বুধবাৰৰ দিনটো আছিল সামান্য স্বস্তিৰ দিন। ৰাজধানী দিল্লীৰ বতাহত প্ৰদূষণৰ মাত্ৰা বুধবাৰৰ দিনটোৰ ‘চৰম’ সীমাৰ পৰা সামান্য তললৈ নামে। অৱশ্যে এতিয়াও বিপদ হ্ৰাস পোৱা নাই ৰাজধানীৰ। বুধবাৰে…