জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ, গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ দিব মল্লিকাৰ্জুন খাৰ্গেক

আসন্ন পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি আজি মাজিৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত আগচিয়াস্থিত পলাশবাৰী আঞ্চলিক হাইস্কুল খেলপথাৰত অনুষ্ঠিত “বিজয় সংকল্প সমাবেশ”ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থীসকলৰ হৈ জোৰদাৰ প্ৰচাৰ চলায়।

সমাবেশত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ আৰু বিশেষকৈ সাংসদ গৌৰৱ গগৈৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই কয়, “গৌৰৱ গগৈ এজন সন্দেহৰ উৰ্দ্ধত থকা ব্যক্তি নহয়, তেওঁলোকৰ বিৰুদ্ধে আমি শীঘ্ৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক অভিযোগ দিম।” তেওঁ কংগ্ৰেছৰ শাসনকালত কেবল লুঙি, ধুতি, সূতা, কম্বল বিলাৰ কথা উল্লেখ কৰি কয়, “আজিৰ দিনত বিজেপি চৰকাৰে মানুহৰ জীৱনলৈ সঁচা পৰিৱৰ্তন অনাৰ বাবে কাম কৰি আছে।”

পুনৰ গঠিত জালুকবাৰী বিধানসভা সমষ্টিত এইবাৰ প্ৰথমবাৰ নিৰ্বাচন হোৱাৰ প্ৰসঙ্গ উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ সম্ভাৱ্য প্ৰাৰ্থিতা সূচিত কৰে। তেওঁ কয়, “এইবাৰ বাচনি পৰীক্ষা, ২০২৬ চনত যদি মই আপোনালোকৰ মাজৰ প্ৰাৰ্থী হ’ম তেন্তে সেয়া হ’ব মেট্ৰিক পৰীক্ষা।”

মুখ্যমন্ত্ৰীগৰাকীয়ে পঞ্চায়ত পৰ্য্যায়ৰ বিজেপি প্ৰাৰ্থীসকলক বিজয়ী কৰাৰ আহ্বান জনাই কয় যে, “দিল্লীত মোডী, দিশপুৰত বিজেপি, আৰু গাঁওত বিজেপি থাকিলে ত্ৰিপুল ইঞ্জিনে গতিৰে কাম কৰিব।”

তিনি বছৰীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে পুষ্টিকৰ আহাৰৰ বাবে ৩০০ টকা, ডিগ্ৰী উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে ২৫০০ টকা, ব্যৱসায় আৰম্ভ কৰাৰ বাবে ২ লাখ টকাকৈ অনুদান, বিদ্যুৎ বিলত ৰেহাই, ৰেচন ব্যৱস্থাত পৰিৱৰ্তন আদি বিভিন্ন নতুন আঁচনিৰ ঘোষণা সমৰ্থকৰ মাজত উৎসাহৰ সঞ্চাৰ কৰে। লগতে, অহা অক্টোবৰৰ পৰা গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাসৰ কথাও তেওঁ ঘোষণা কৰে।

শান্তি, উন্নয়ন, আৰু অৰ্থনৈতিক সজাগতাৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে বিজেপি চৰকাৰৰ পদক্ষেপৰ প্ৰশংসা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অসম আজি শান্তিৰ দীপলৈ ৰূপান্তৰ হৈছে, আগৰ দৰে অসম বন্ধ, বোমা বিস্ফোৰণৰ দিন এতিয়া গ’ল।”

  • Related Posts

    “কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

    ১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ…

    “খিলঞ্জীয়াৰ মাটি পুঁজিপতিক গতাব”, ভূমি আইন সংশোধনৰ প্ৰস্তাৱক লৈ প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

    অসমত খিলঞ্জীয়া ৰাইজৰ পুৰুষ-পূৰ্বেৰে ৰক্ষা কৰি অহা ভূমি এতিয়া পুঁজিপতি গোষ্ঠীৰ হাতলৈ দিয়াৰ চেষ্টাত চৰকাৰ লিপ্ত হৈছে — এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ (অজাপ)। আজি গুৱাহাটীত অনুষ্ঠিত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ