ডাইনী হত্যাৰ বিৰুদ্ধে যুঁজ দিয়া বিৰুৱালাকে ডাইনী সজালে কোনে? আইমী বৰুৱাৰ তথ্যচিত্ৰক লৈ সৃষ্টি বিতৰ্কৰ

গুৱাহাটীঃ পুনৰ এবাৰ বিতৰ্কত সোমায় পৰিছে আইমী বৰুৱা। শেহতীয়াকৈ ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাত জুৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা আইমী বৰুৱাৰ চুটি ছবি “বিৰুৱালা- উইটছ টু পদ্মশ্ৰী”ক লৈ সৃষ্টি হৈছে বিতৰ্কৰ।

উল্লেখ্য যে, ডাইনী হত্যাৰ বিৰুদ্ধে অসমজুৰি সজাগতা সৃষ্টি কৰা গোৱালপাৰাৰ প্ৰয়াত সমাজকৰ্মী তথা ভাৰত চৰকাৰৰ চতুৰ্থ অসামৰিক সন্মান ‘পদ্মশ্ৰী’ বঁটাৰে সন্মানিত বিৰুৱালা ৰাভাৰ জীৱনৰ আধাৰত আইমী বৰুৱাই নিৰ্মান কৰিছিল তথ্য চিত্ৰ “বিৰুৱালা- উইটছ টু পদ্মশ্ৰী”।

কিন্তু এই তথ্যচিত্ৰখনৰ শিৰোনামক লৈ আপত্তি দৰ্শাইছে খোদ বিৰুৱালা ৰাভাৰ পৰিয়ালে। কিহৰ আধাৰত আৰু কি মানসিক স্থিতিত তথ্য চিত্ৰখনৰ এই নাম ৰখা হল তাক লৈও আইমী বৰুৱাৰ পৰা উত্তৰ বিচাৰিছে বিৰুৱালা ৰাভাৰ পৰিয়ালে।

মনকৰিবলগীয়া যে, উইটছৰ অসমীয়া অৰ্থ হৈছে ডাইনী। এনে পৰিপ্ৰেক্ষিতত আইমী বৰুৱাৰ তথ্য চিত্ৰখনৰ শিৰোনামটোৰ অসমীয়া অনুবাদ হবগৈ “বিৰুৱালা- ডাইনীৰ পৰা পদ্মশ্ৰী সন্মানলৈ”। অৰ্থাৎ ডাইনী হত্যাৰ বিৰুদ্ধে সংগ্ৰাম কৰা বিৰুৱালা ৰাভাক আইমী বৰুৱাই নিজেই ডাইনী সজাবলৈ চেষ্টা কৰাক লৈ আপত্তি দৰ্শাইছে তেওঁৰ পৰিয়াল আৰু সচেতন মহলে।

বিৰুৱালা ৰাভাৰ পুত্ৰ বিষ্ণুপ্ৰসাদ ৰাভাই এই সন্দৰ্ভত আপত্তি প্ৰকাশ কৰি কয়, “মোৰ মাই ডাইনী হত্যাৰ বিৰুদ্ধে প্ৰচাৰ কৰিছিল, কিন্তু তেওঁ নিজে ডাইনী নাছিল। আইমী বৰুৱাই শিৰোনামত তেওঁক ডাইনী অভিহিত কৰি মোৰ মাক লৈ এক ভ্ৰান্ত ধাৰণা বিয়পাব বিচাৰিছে। আইমী বৰুৱাই কিহৰ আধাৰত আৰু কি চিন্তা কৰি তেওঁৰ ছবিৰ নাম “বিৰুৱালা- উইটছ টু পদ্মশ্ৰী” ৰাখিলে সেয়া জনোৱা উচিত।”

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে