
ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত ৰাইজৰ দলে এজাহাৰ দাখিলৰ পিছতে অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীক লৈ কৰা অশোভনীয় মন্তব্যৰ বাবে অৱশেষত ক্ষমাভিক্ষা মাগিলে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে৷ আজমলে এটা ভিডিঅ’ মুকলি কৰি কয় যে মই কোনো কটাক্ষ কৰি বা বেইজ্জত কৰি সেই কথা কোৱা নাছিলো৷ মই মহিলাক সন্মান কৰো, ইজ্জত কৰো৷ আমাৰ কলেজ-স্কুলত পঢ়া হাজাৰ হাজাৰ ছাত্ৰীক আমি কি সন্মান দিও সেই কথা গোটেই ভাৰতে জানে, পৃথিৱী জানে৷ মহিলাৰ প্ৰতি মোৰ সন্মান আছে৷ মোৰ মা মহিলা৷ মোৰ ভনী, বৌ, মোৰ আত্মীয়া স্বজনসহ হাজাৰ হাজাৰ, লাখ লাখ মহিলা আছে৷ মই কাকো অপমান বেইজ্জত, অপমান কৰিবলৈ এই কথা কোৱা নাই৷ মিডিয়াই ইচ্ছ্যূ বনাইছে৷ যদি এই বাতৰি পাই অখিল গগৈৰ পত্নীৰ আঘাত পাইছে, দুখ পাইছে, বেয়া পাইছে বা অন্য কোনো মহিলাই যদি বেয়া পাইছে তাৰ বাবে ক্ষমা বিচাৰিছো৷ মই এবাৰ নহয়, দহবাৰ ক্ষমা খুজিছো৷ এআইইউডিএফৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সহধৰ্মিনী ড০ গীতাশ্ৰী তামুলীক লৈ কৰা অশ্লীল মন্তব্য সন্দৰ্ভত আজি বঙাইগাওঁ সদৰ থানাত এজাহাৰ দাখিল কৰে জাতীয় নাৰী বাহিনীৰ সাধাৰণ সম্পাদক তথা ৰাইজৰ দলৰ সাংগঠনিক সম্পাদক মমী ৰায়চৌধুৰীয়ে। জাতীয় নাৰী বাহিনীয়ে এই অপমান কেৱল ব্যক্তিকেন্দ্ৰিক হৈ নাথাকি সমগ্ৰ নাৰী সমাজক কৰা অপমান বুলি কয় মমী ৰায়চৌধুৰীয়ে। নুনমাটি আৰক্ষী থানাত জাতীয় যুৱ বাহিনীয়ে এজাহাৰ দাখিল কৰে৷ জাতীয় যুৱ বাহিনীৰ কাৰ্যকৰী সভাপতি সৌৰভ বৰা, সম্পাদক জাহিদুল ইছলাম, সম্পাদক জুল হক মণ্ডলে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে এজাহাৰ দাখিল কৰে৷