
গুৱাহাটীঃ শেহতীয়াকৈ ৰাজ্যৰ এটা সংবাদ প্ৰতিষ্ঠানৰ এগৰাকী সাংবাদিৰ নাম সুধি সেই নামটো সাম্প্ৰদায়িকতাৰ সৈতে সংপৃক্ত কৰি হিন্দু-মুছলমানৰ ৰাজনীতি কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টিত পাহাৰ কটা কাৰ্যক লৈ শ্বাহ আলম নামৰ সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি এইদৰে ইউ এছ টি এমৰ স্বত্বাধিকাৰ আৰু সাংবাদিকগৰাকীৰ নামটোক সানমিহলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৰাজ্যত।
দিছপুৰ প্ৰেছ ক্লাৱকে ধৰি ৰাজ্যৰ বহু সাংবাদিকে মুখ্যমন্ত্ৰীৰ এনে লেতেৰা ৰাজনীতিৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছতে এতিয়া নিজকে শুদ্ধ সজাবলৈ উঠি পৰি লাগিছে হিমন্ত বিশ্ব শৰ্মা। সাংবাদিকৰ নাম সুধিলে একাংশই কিয় বেয়া পায় বুলি ওলোটা প্ৰশ্ন কৰি দিল্লীৰ উদাহৰণো দিবলৈ নাপাহৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।
দিল্লীৰ সাংবাদিকসকলে প্ৰশ্ন কৰাৰ আগতে নিজৰ নাম উল্লেখ কৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সাংবাদিকে নাম উল্লেখ কৰাতো নিৰাপত্তা আৰু পেছাদাৰীত্ব দুয়োটাৰে বাবে গুৰুত্বপূৰ্ণ।
তেওঁ কয়, “সংবাদ মেলত সাংবাদিকে প্ৰশ্ন কৰাৰ আগতে সাধাৰণতে নিজৰ নাম কোৱা হয়৷ দিল্লীত এনেধৰণৰ নিয়ম মানি চলা হয়৷ তেন্তে আমাৰ ইয়াত কোনো সাংবাদিকক তেওঁৰ নামটো সোধোঁতে কোনো ক্লাবৰ লোকে মোক কিয় বেয়া পায়! পিতৃ-মাতৃ প্ৰদত্ত নামটো সোধাৰ লগে লগে গৌৰৱেৰে ক’বহে লাগে৷”
কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে এগৰাকী সাংবাদিকৰ নাম সোধা আৰু সেই মুছলমান সাংবাদিকগৰাকীৰ নামটোক সাম্প্ৰদায়িকতাৰ সৈতে সাঙুৰি ”শ্বাহ আলম, মহিবুল হকহতে আমাক ইয়াত (অসমত) থাকিবলৈ দিব নাই’ বুলি বিষোদগাৰ ব্যক্ত কৰাৰ মাজত যথেষ্ট পাৰ্থক্য আছে বুলি মন্তব্য কৰিছে বহুতে।