ৰাজ্যৰ সংবাদ জগতখনলৈ দুঃখবৰ!
দীৰ্ঘদিন ধৰি অসুস্থ হৈ থাকি অৱশেষত মৃত্যুৰ কোলাত শুই পৰিল উদীয়মান সাংবাদিক উৎপল ডেকা।
গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে সাংবাদিকজনৰ।
উল্লেখ্য যে, এটা অচিনাক্ত পোকে কামোৰাৰ পিছত অসুস্থ হৈ পৰিছিল সাংবাদিক উৎপল ডেকা।
পোকৰ কামোৰৰ পিছত ক্ৰমান্বয়ে বিকল হৈ পৰিছিল তেওঁৰ শৰীৰৰ এটা এটা অংশ।
ইয়াৰ বাবে তেওঁক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত।
তাতেই শনিবাৰে মৃত্যুক সাৱটি লয় সাংবাদিক উৎপল ডেকাই।
উদীয়মান সাংবাদিকগৰাকীৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰিছে সংবাদ জগতখনক।