

দেশৰ সৰ্বশ্ৰেষ্ঠ বিধায়ক হিচাপে স্বীকৃত হৈছে অগপৰ চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা৷ দিল্লীৰ হিন্দী নিউজ প্ৰভা সাক্ষী নামৰ সংস্থাই দিল্লীৰ কনষ্টিটিউচন ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাক এই স্বীকৃতি প্ৰদান কৰে৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ, আইএএছ বিষয়া, ধৰ্মীয় নেতা, কৃষক নেতাকে ধৰি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত স্বীকৃতি গ্ৰহণ কৰে চাবুৱাৰ বিধায়গৰাকীয়ে৷ সৰ্বশ্ৰেষ্ঠ বিধায়কৰ সন্মান প্ৰাপ্ত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই এই স্বীকৃতি লাভ কৰাত বিভিন্ন দল-সংগঠন, চাবুৱাবাসীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে৷ ভাৰতৰ শ্ৰেষ্ঠ বিধায়ক হিচাপে স্বীকৃতি দিয়াৰ বাবে গৌৰৱান্বিত খোদ বিধায়কজন৷ ছাত্ৰ অৱস্থাৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত বৰুৱাই ২০২১ চনত অগপৰ টিকটত নিৰ্বাচন খেলি জয়ী হৈছিল৷ আঞ্চলিক ৰাজনীতিক প্ৰাধান্য দিয়া বিধায়কেজনে কেতিয়াও কোনো, জাতি, ধৰ্ম, বৰ্ণৰ বিৰুদ্ধে কথা নকয়৷ বিৰোধীক সমালোচনা কৰিলেও মাৰ্জিত ভাষাৰে সমালোচনা কৰা দেখা যায়৷ সমাজৰ সকলো পক্ষক লৈ কাম কৰি যোৱা বিধায়ক হিচাপে পৰিচিত বিধায়ক পোনাকণ বৰুৱা৷