নজনোৱাকৈ গ’লে গৌৰৱক গ্ৰেপ্তাৰ কৰক, নৰেন্দ্ৰ মোদীয়ে পাকিস্তানলৈ গৈ বিৰিয়ানী খায়ঃ অখিল

বিজেপিৰ দখলত থকা সমষ্টিৰ পৰা আতৰি থাকি কংগ্ৰেছ আৰু এআইইউডিএফৰ দখলত থকা বিধানসভা সমষ্টিতসমূহ ব্যস্ত অখিল গগৈ৷ কেৱল যে কংগ্ৰেছ আৰু এআইইউডিএফৰ দখলত থকা বিধানসভা সমষ্টিতসমূহত প্ৰচাৰ চলাই আছে তেনে নহয় কংগ্ৰেছ দলৰ নেতাসকলোকো আক্ৰমণ কৰি গৈছে৷ নামনি অসমত ব্যস্ত থকা অখিল গগৈয়ে আজি বৰপেটা জিলাৰ মন্দিয়া, সাতভিটা, পাকাবেতবাৰীকে ধৰি প্ৰায় দহখন সভা অনুষ্ঠিত কৰে৷ হাজাৰ হাজাৰ সহস্রাধিক সংখ্যালঘূ লোকৰ উপস্থিতিত অখিল গগৈয়ে বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াক বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি অহা জানুৱাৰী মাহত দেৱব্ৰত শইকীয়াই বিজেপিত যোগদান কৰিব বুলি দাবী কৰে৷ অখিল গগৈয়ে কয় যে দেৱব্ৰত শইকীয়াই বিজেপিৰ এ-টীম হৈ কাম কৰিছে। দেৱব্ৰত শইকীয়াই বিধায়কসকলক বিধানসভাত চৰকাৰবিৰোধী কোনো কথা ক’ব নিদিয়ে। কংগ্ৰেছৰ ২৬ জন বিধায়কৰ ৭ জন বিধায়ক বিজেপিলৈ গ’ল, তেওঁ একো কৰিব নোৱাৰিলে। কংগ্ৰেছ শিৱসাগৰত নিজিকে। কিন্তু ভোট বিভাজন কৰি বিজেপিক জিকোৱাৰ বাবে ৫খন আসনত কংগ্ৰেছে প্ৰাৰ্থী দিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সমালোচনা কৰি অখিল গগৈয়ে কয় যে আজিৰ দিনত কংগ্ৰেছৰ বাবে বিজেপি মূল শত্ৰু নহয়। কংগ্ৰেছৰ বাবে ৰাইজৰ দল ডাঙৰ শত্ৰু। নামনি অসমৰ সংখ্যালঘু ৰাইজ কংগ্ৰেছক এৰি ৰাইজৰ দলৰ লগ লাগিছে। সংখ্যালঘু ৰাইজে গম পাইছে কংগ্ৰেছে তেওঁলোকক বিজেপিৰ পৰা বচাব নোৱাৰে। অকল ৰাইজৰ দলেহে সংখ্যালঘূক বচাব পাৰিব। নামনি অসমত এটা ঢৌৰ সৃষ্টি হৈছে আৰু ২৬ত ৰাইজৰ দলৰ চৰকাৰ হ’ব। লগতে অখিল গগৈয়ে উজনি অসমত কংগ্ৰেছ দল চাফা হৈ গৈছে বুলি দাবী কৰি কয় যে কংগ্ৰেছ দলৰ নেতাসকলে এতিয়াও নিজকে জমিদাৰ বুলি ভাবে। ৰাইজক তেওঁলোকে ৰায়ত বুলি ভাবে। কিন্তু এতিয়া ৰাইজে জমিদাৰৰ কথা নুশুনে। মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে অনা পাকিস্তান ভ্ৰমণৰ অভিযোগ সন্দৰ্ভত কয় যে যিকোনো এজন সাধাৰণ মানুহে পাকিস্তানলৈ যাব পাৰে। নৰেন্দ্ৰ মোদীয়ে পাকিস্তানলৈ গৈ বিৰিয়ানী খায়। হিমন্ত বিশ্ব শৰ্মা পাকিস্তানলৈ যাব পাৰে। অন্য সাধাৰণ মানুহ এজন পাকিস্তানলৈ কিয় যাব নোৱাৰে। কিন্তু কোনেও গোপনে যাব নোৱাৰে। যদি ভিছা আৰু পাছপ’ৰ্ট লুকুৱাই, ভাৰত চৰকাৰক নজনোৱাকৈ গৌৰৱ গগৈ পাকিস্তানলৈ গৈছে তেন্তে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব লাগে। মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰি আদালতত কাগজ দেখুৱাই দিয়ক। বাংলাদেশীসকল যেনেদৰে মনে মনে আমাৰ ইয়াত সোমায়, তেনেদৰে যদি গৌৰৱ গগৈ মনে মনে পাকিস্তানলৈ যোৱাটো প্ৰমাণ কৰিব পাৰে তেনেহ’লে আমিও জানিম গৌৰৱ গগৈ পৃথিৱীৰ আটাইতকৈ দুই নম্বৰী মানুহ।

  • Related Posts

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ