নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

আজি দিল্লীলৈ উৰা মাৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীক সাক্ষাৎ কৰি অসমৰ কেইবাটাও সমস্যাৰ কথা অৱগত কৰোৱা বুলি জানিব পৰা গৈছে৷ বিশেষকৈ বানপানীৰ বাবে সাহায্যৰ কথাটোও আলোচনা কৰা বুলি জানিব পৰা গৈছে৷ আনহাতে কম সংয়ৰ ভিতৰতে অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰাৰ্থী কেন্দ্ৰীক আলোচনা কৰা বুলিও জানিব পৰা গৈছে৷ এটা ফেচবুক পোষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ আশিস আৰু মার্গদর্শন লাভৰ উদ্দেশ্যৰে এক সাক্ষাতত মিলিত হৈ ধন্য হ’লো। আমাৰ বৈঠকত মই তেখেতক অসমৰ বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰো আৰু আমাৰ লোকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ হ্ৰাস কৰাৰ বাবে চলি থকা বিভিন্ন প্ৰচেষ্টাৰ বিষয়েও তেখেতৰ আগত উল্লেখ কৰো। তদুপৰি সাক্ষাৎকালত ৰাজ্যত চলিত উন্নয়নমূলক কামসমূহৰ স্থিতিৰ বিষয়েও আলোচনা কৰা হয়। অসমৰ জনসাধাৰণৰ হৈ মোদী ডাঙৰীয়াক ঐতিহাসিক তৃতীয় কাৰ্যকাল আৰম্ভ কৰাৰ বাবে আকৌ এবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

  • Related Posts

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ, মই মুম্বাই এৰি গুছি আহিলো

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ৷ যাৰ বাবে মই মুম্বাই এৰি গুছি আহিলো৷ এনদনে আক্ষেপ প্ৰকাশ কৰি হিন্দী বোলছবি জগতক বিদায় দিয়াপ ঘোষণা কৰিলে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে৷ অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ…

    মন্ত্ৰী সিংহলৰ বিৰুদ্ধে বিধানসভাত কংগ্ৰেছৰ ভৰ্ৎসনা প্ৰস্তাৱ

    গুৱাহাটী প্ৰেছ ক্লাৱে কিয় ভাওনা পাতিব লাগে৷ ভাওনা ছেকুলাৰ নহয়৷ এনে মন্তব্য প্ৰদান কৰি বিতৰ্কত সোমাই পৰিছে মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল৷ তাৰ লগতে সংবিধানৰ নামত শপত লোৱা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ