নিশা ১১ বজালৈ খোলা থাকিব মদৰ দোকান

ৰঙালী বিহুৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ ৰাজকোষ উদং হৈ থকাৰ ফলত চৰকাৰী কৰ্মচাৰীক দৰমহা আদায় দিব নোৱাৰাৰ অভিযোগৰ মাজতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত৷ ৰাজহ সংকটৰ সময়তে মদৰ দোকান নিশা ১১ বজালৈ খোলা ৰখাৰ নিৰ্দেশ প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে৷ এতিয়াৰ পৰা সুৰাপায়ীসকলে নিশা ১১ বজালৈ সুৰা ক্ৰয় কৰিব পাৰিব৷ নিশা ১০ বজাৰ পৰিৱৰ্তে নিশা ১১ বজালৈ খোলা থাকিব সুৰাৰ দোকান। আনহাতে, নিশা ১২.৩০ বজালৈকে খোলা থাকিব বাৰ কাম ৰেষ্টুৰাণ্টসমূহ৷ গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব এই নিৰ্দেশনা। আবকাৰী বিভাগে জাৰি কৰিছে নিৰ্দেশনা অনুসৰি নিশা ১১ বজালৈ গুৱাহাটী মহানগৰীত খোলা থাকিব সুৰাৰ বিপণি৷ নিশা ১২-৩০ বজালৈ খোলা থাকিব বাৰ-ৰেষ্টুৰাণ্টসমূহ৷ ইমানে নহয় আবকাৰী বিভাগে প্ৰিমিয়াম ব্ৰেণ্ডৰ সুৰাৰ দাম হ্ৰাস কৰিছে৷ থলুৱা সুৰাৰ বিপণিত বিলাতী সুৰা বিক্ৰীৰ অনুমতি প্ৰদান কৰিছে বিভাগটোৱে৷ ৭ এপ্ৰিলত আবকাৰী বিভাগৰ আয়ুক্ত-সচিব ৰাকেশ কুমাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি গুৱাহাটী পৌৰ নিগম এলেকাৰ সুৰাৰ বিপণিসমূহ নিশা ১১ বজালৈ আৰু বাৰ-ৰেষ্টুৰাণ্টসমূহ ১২-৩০ বজালৈ খোলা থাকিব৷

  • Related Posts

    অসমত ১৮ খন জিলাত একেলগে মকড্ৰিল, আকাশত বাজি উঠিল ছাইৰেন

    ৰাজ্যৰ ১৮ খন জিলাত আজি বিয়লি ৪ বজাৰ সময়ত একেলগে মকড্ৰিল (সামৰিক অভ্যাস) অনুষ্ঠিত হয়। সমগ্ৰ দেশৰ লগতে অসমতো ভাৰত চৰকাৰৰ নিৰ্দেশ অনুসৰি এই মকড্ৰিল সম্পন্ন কৰা হয়। ভাৰতীয় সেনাই…

    মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বিৰুদ্ধে ৰাজ্যিক মহিলা আয়োগক গোচৰ কংগ্ৰেছৰ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া নাৰীৰ বিৰুদ্ধে কৰা অশালীন মন্তব্যক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে অসম প্ৰদেশ মহিলা কংগ্ৰেছে অসম ৰাজ্যিক মহিলা আয়োগক এখন পত্ৰ প্ৰদান কৰিছে৷ আজি মহিলা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ