

ডিজিটেল ডেস্কঃ এগৰাকী ১৩ বছৰীয়া নাবালিকাক ৫ দিন ধৰি বন্দী কৰি ৰাখি বলাৎকাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ৫ জন লম্পট যুৱকক। অৰুণাচল প্ৰদেশৰ ডাপৰিজোৰ গান্ধী মাৰ্কেট এলেকাত সংঘটিত এই ধৰ্ষণ কাণ্ডৰ পিছতে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে তৎপৰতাৰে গ্ৰেপ্তাৰ কৰে অভিযুক্ত কেইজনক।
ধৃত ৫ যুৱকৰ নাম বাই কাজী, টাপং বাৰিং, ৰাজু লমডাক, জেপু লেয়া ওৰফে জেক ছ’ৰাম আৰু ননেশ নায়ম বুলি জানিব পৰা গৈছে।
ডাপৰিজোৰ আৰক্ষী অধীক্ষক থুটান জাম্বাই জনোৱা মতে, ডাপৰিজোৰ গান্ধী মাৰ্কেটত বন্দী কৰি ৫ দিন ধৰি ধৰ্ষণ কৰা হৈছিল কিশোৰীগৰাকীক। যোৱা ২৮ জুলাইত ভুক্তভোগীৰ ভগ্নীয়ে এজাহাৰ দাখিল কৰাৰ সময়তে এই ঘটনা পোহৰলৈ আহে।
আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, “এফআইআৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতা (বিএনএছ)ৰ ১৩৭ (২), ৭০ (২), ৩ (৫) ধাৰা আৰু পিঅ’চিএছঅ’ আইনৰ ৬ নং ধাৰা (গুৰুতৰ যৌন নিৰ্যাতনৰ শাস্তি)ত ডাপৰিজোৰ থানাত গোচৰ পঞ্জীয়ন কৰা হৈছে।”
তদুপৰি আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ভুক্তভোগীক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰা হয়। আৰক্ষী অধীক্ষকগৰাকীয়ে আৰু কয় যে আৰক্ষীৰ ৰিমাণ্ড শেষ হোৱাৰ পিছত বৰ্তমান পাঁচো অভিযুক্ত ন্যায়িক জিম্মাত আছে। এফ আই আৰ দাখিল কৰাৰ দিনাই এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন কেইজনক ২৯ জুলাইত গ্ৰেপ্তাৰ কৰা হৈছিল।