পানবজাৰ থানাৰ অ’চি ভাৰ্গৱ বৰবৰাক নিলম্বন, প্ৰহাৰৰ বলি জ্ঞানদ্বীপ কটনৰ মেধাৱী ছাত্ৰ

পানবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে৷ কটনৰ প্ৰাক্তন ছাত্ৰ তথা জমেটৰ ডেলিভাৰী বয়ক বৰ্বৰভাৱে প্ৰহাৰ কাণ্ডৰ পাছতে টুইট ডিজিপি জি.পি সিঙে টুইট কৰি এই কথা প্ৰকাশ কৰিছে৷ পানবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাই প্ৰহাৰ কৰা যুৱকজন কটনৰ সদ্য প্ৰাক্তন মেধাৱী ছাত্ৰ জ্ঞানদ্বীপ হাজৰিকা বুলি জানিব পৰা গৈছে। জ্ঞানদ্বীপ হাজৰিকাৰ ঘৰ বিশ্বনাথ জিলাৰ জামগুৰিহাটত৷ কটন বিশ্ববিদ্যালয়ত অৰ্থনীতি বিজ্ঞান বিভাগত তিনিটা বছৰ অধ্যয়ন কৰি স্নাতক হৈছে৷ চলিত বৰ্ষতে কটন বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ জ্ঞানদ্বীপ হাজৰিকাই সংস্থাপন বিচাৰি থকাৰ সময়তে জমেটৰ ডেলিভাৰী বয় হিচাপে কাম কৰি ঘৰৰ ভাড়া আদিৰ খৰচ উলিয়াই আহিছে৷ সংস্থাপন বিচাৰি থকাৰ সময়তে জমেটৰ ডেলিভাৰী বয় হিচাপে কাম কৰি ঘৰৰ ভাড়া আদিৰ খৰচ উলিয়াই আহিছে৷ আজি জমেটোৰ ডেলিভাৰী বয় হিচাপে কৰ্মৰত অৱস্থাত ফাঁচী বজাৰত বহু লোকৰ সমুখত নৃশংসভাৱে প্ৰহাৰ কৰে খাকী পোছাক পৰিহিত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই৷ এখন ষ্ট্ৰীট ফুডৰ দোকানত মূৰ আফলিয়াই, ডিঙিত চেপি, চৰ শোধায় নিৰীহ যুৱকজনক অত্যাচৰ কৰে৷ হঠাতে যুৱকজনে ৰাস্তাৰে স্কুটীৰে গৈ থকা অৱস্থাত দুয়োহাতেৰে টানি আনি ষ্ট্ৰীট ফুডৰ দোকনত মূৰ আফলিয়াই ‘ক’ত যা ভাই’ বুলি বাৰে বাৰে কৈ ভাৰ্গৱ বৰবৰা নামৰ আৰক্ষী বিষয়াজনে ‘মাৰি পেলাম মাৰি পেলাম’ বুলি কৈ থাকে৷ পাছত যুৱকজনৰ পৰা কাগজ-পত্ৰ বিচাৰে৷ যুৱকজনে কাগজ জাতিয় কোনো নথি উলিয়াই দিয়াৰ পিছতো পুনৰ মাৰধৰ কৰে৷ সেই সময়ত কিছু নিলগত এগৰাকী লোকে সেই দৃশ্য ৰেকৰ্ড কৰি থকাত আৰক্ষী বিষয়াজনে ধমকি দিয়ে৷ লোকজনে ৰেকৰ্ড কৰিবলৈ বন্ধ কৰাৰ পাছতো বৰ্বৰভাৱে প্ৰহাৰ কৰে যুৱকজনক৷ ক্ষীণকায় যুৱকজন আৰক্ষী বিষয়াজনৰ জিম্মাৰ পৰা মুক্ত হৈ বাৰে বাৰে প্ৰাণৰক্ষাৰ প্ৰয়াস কৰিছিল৷

  • Brahmaputra Times

    Related Posts

    বিষাক্ত দিল্লীৰ বাবে বুধবাৰৰ দিনটো আছিল সামান্য স্বস্তিৰ দিন

    বিষাক্ত দিল্লীৰ বাবে বুধবাৰৰ দিনটো আছিল সামান্য স্বস্তিৰ দিন। ৰাজধানী দিল্লীৰ বতাহত প্ৰদূষণৰ মাত্ৰা বুধবাৰৰ দিনটোৰ ‘চৰম’ সীমাৰ পৰা সামান্য তললৈ নামে। অৱশ্যে এতিয়াও বিপদ হ্ৰাস পোৱা নাই ৰাজধানীৰ। বুধবাৰে…

    দিল্লীত ৰহস্যজনক অৱস্থাত মৃত্যু গুৱাহাটীৰ যুৱতীৰ

    ৰাজধানী দিল্লীত অসমৰ এগৰাকী মেধাৱী যুৱতীৰ মৃত্যুত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঋতুপৰ্ণা বৰ্মন নামৰ মেধাৱী গৱেষক ছাত্ৰীগৰাকীৰ মঙলবাৰে ৰহস্যজনক অৱস্থাত মৃত্যু হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, দিল্লীৰ দাৰেৱাল নগৰৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…