
পুনৰ অসমৰ বিৰোধিক একত্ৰিত হ’বলৈ আহ্বান জনাইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ লুৰীণজ্যোতি গগৈয়ে কেৱল বিধানসভা নিৰ্বাচনতে নহয় পঞ্চায়ত নিৰ্বাচনতো একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আহ্বান জনাইছে বিৰোধী দলসমূহক৷ আজি সংবাদমাধ্যমৰ মুখামুখি হৈ কংগ্ৰেছ, বামপন্থী দল আৰু ৰাইজৰ দলৰ নাম নোলোৱাকৈ সকলো দলক একত্ৰিত হ’বলৈ আকৌ এবাৰ আহ্বান জনাইছে লুৰীণজ্যোতি গগৈয়ে৷ আজি সভাপতিগৰাকীয়ে গোলাঘাট জিলাৰ বোকাখাত নগৰত দলীয় কাৰ্যালয় উদ্বোধন আৰু যোগদান কাৰ্যসূচীত উপস্থিত থাকে৷ বিভিন্ন নেতাই অইন দল এৰি আহি অসম জাতীয় পৰিষদ যোগদান কৰাত উষ্ম আদৰণি জনায়৷ একতাৰ কথা আমি প্ৰতিমুহূৰ্তত আৰু সদায়েই কৈ আহিছো বুলি কৈ গগৈয়ে কয় যে ২০২১ চনৰ নিৰ্বাচন আৰু উপ-নিৰ্বাচন বা পৌৰ সভাৰ নিৰ্বাচনত অংশ লৈ ফলাফল তেতিয়া আশাপ্ৰদ হোৱা নাই৷ তেতিয়া আমি উপলদ্ধি কৰিছো যে আমি একতাৰে নিৰ্বাচনত যুঁজিব লাগিব৷ এটাই কথা যে আমি একতাৰে নিৰ্বাচন যুঁজিব লাগিব৷ তাকে লৈ আমি প্ৰস্তুতি চলাইছো৷ একত্ৰিতভাৱে যুঁজিবলৈ যি ৰণকৌশল তৈয়াৰ কৰিব লাগে তাতো আমি সহযোগিতা কৰি গৈছো বুলিও কয়৷ লগতে তেওঁ কয় যে ভাৰতবৰ্ষৰ বিভিন্ন নিৰ্বাচন ফলাফল আৰু অসমৰো বাস্তৱ পৰিস্থিতি আৰু ফলাফল তাৰ পৰা শিক্ষা লৈ আমি সকলো একেলগে আগবাঢ়িব লাগে৷ দিল্লীৰ নিৰ্বাচন, হাৰিয়ানাত আপৰ ১.৭৯ শতাংশ ভোটে চৰকাৰৰ গঠনৰ বাট মুকলি কৰি দিছিল৷ এতিয়াও সময় সমাগত যে আমি সন্মিলিতভাৱে পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচন খেলিব লাগে৷