
নতুন দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিজেপিৰ শীৰ্ষ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰে৷ নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে৷ মুখ্যমন্ত্ৰীয়ে খোদ সামাজিক মাধ্যমত এই কথা শ্বেয়াৰ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে সুন্দৰ আলোচনাত মিলিত হওঁ৷ শেহতীয়াকৈ আমাৰ ৰাজ্যত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চমকপ্ৰদ বিজয়কে ধৰি অসমৰ উন্নয়ন আৰু বিকাশকেন্দ্ৰিক বিভিন্ন বিষয়ত তেখেতক অৱগত কৰো৷ লগতে বৈঠকতে মাওবাদী নিৰ্মূলৰ ক্ষেত্ৰত লোৱা পদক্ষেপ আৰু ইয়াৰ ফলত শান্তিৰ দিশত সূচনা হোৱা বৃহৎ সফলতাৰ বাবেও তেখেতক অভিনন্দন জ্ঞাপন কৰো৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে৷ সাক্ষাৎকালত নামৰূপৰ ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া পৰিসৰৰ বাবে চলিত তৃণমূল পৰ্যায়ৰ কাম ত্বৰান্বিতকৰণ, ৰাজ্যত চিকিৎসা শিক্ষাৰ সুবিধা বৃদ্ধিকৰণ আৰু নতুন নাৰ্ছিং মহাবিদ্যালয় স্থাপন, এবি-পিএমজেএৱাই হিতাধিকাৰীসকলৰ বাবে সৰ্বাধিক লাভালাভ প্ৰাপ্তি নিশ্চিতকৰণ সন্দৰ্ভত আলোচনা কৰা বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷ আনহাতে, অসম চৰকাৰে ঘোষণা কৰা অনুসৰি পেহেলগামত নিহত লোকসকলৰ পৰিয়ালক অসম চৰকাৰৰ তৰফৰ পৰা ৫ লাখ টকাকৈ আৰ্থিক সাহায্য আজিৰে পৰা দিয়া৷ সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণৰ নিহত লোকসকলৰ ঘৰলৈ গৈ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলে এইধন চেকযোগে প্ৰদান কৰিছে৷ মন্ত্ৰী প্ৰশান্ত ফুকন, নন্দিতা গাৰ্লোছা, কেশৱ মহন্ত, কৌশিক ৰায়ে দেশৰ বিভিন্ন প্ৰান্তলৈ গৈ ৫ লাখকৈ টকাৰ চেক প্ৰদান কৰিছে৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে পেহেলগামত সংঘটিত কৰুণ ঘটনাৰ ইতিমধ্যে এমাহ সম্পূৰ্ণ হৈছে৷ আমাৰ অসম কেবিনেটে পেহেলগামত মৃত্যুক সাবটি লোৱাসকলৰ প্ৰতি এক বিনম্ৰ শ্ৰদ্ধাঞ্জলি হিচাপে তেখেতসকলৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক অনুদান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ এইক্ষেত্ৰত মৃত ব্যক্তিসকলৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ তেখেতসকলৰ ঘৰলৈ গৈ অসম চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে আমাৰ এখন পত্ৰৰ জৰিয়তে অনুদানৰাশি প্ৰদানৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছিল৷ আজি এই উদ্দেশ্যৰে সতীর্থ মন্ত্রীসকলে দেশৰ ভিন্ন প্রান্তলৈ গৈ কৰুণ ঘটনাটিৰ ভুক্তভোগী পৰিয়ালবৰ্গক সাক্ষাৎ কৰি অসম চৰকাৰৰ হৈ শোকবাৰ্তা পত্ৰ আৰু ধনৰাশি প্ৰদান কৰে৷ এই সময়ত ভুক্তভোগী পৰিয়ালৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি অসমবাসীৰ হৈ গভীৰ সমবেদনা জ্ঞাপন কৰো আৰু মৃতকৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাওঁ৷