
ৰাজ্যত সংঘটিত হৈছে ইটোৰ পিছত সিটো দুষ্কৰ্মৰ ঘটনা। ধিং, হোজাই, তেজপুৰত যুৱতী-কিশোৰীৰ সৈতে সংঘটিত অমানৱীয় কাণ্ডৰ পিছত এইবাৰ মঙলদৈত সংঘটিত হৈছে অনুৰূপ ঘটনা।
এগৰাকী ১৪ বছৰীয়া কিশোৰীক ফুচুলাই দুষ্কৰ্ম কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰদীপ নাথ নামৰ এজনৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, কিশোৰীগৰাকী এতিয়া পাঁচ মাহৰ অন্তঃসত্বা।
ইফালে ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত প্ৰদীপ নাথক।
অভিযোগ অনুসৰি ৫ মাহ পূৰ্বে ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল প্ৰদীপ নাথে। এই কথা কাৰোবাক ক’লে প্ৰাণ মৰাৰে ভাবুকি দিছিল কিশোৰীগৰাকীক।
কিন্তু শেহতীয়াকৈ কিশোৰীগৰাকীৰ দেহত কেতবোৰ পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰাত চিকিৎসকৰ ওচৰলৈ নিয়াত ৫ মাহৰ অন্তঃসত্বা বুলি জানিব পাৰে মাতৃয়ে। ইয়াৰ পিছতে আৰক্ষী থানাত প্ৰদীপ নাথৰ বিৰুদ্ধে মাতৃয়ে দাখিল কৰে এজাহাৰ।
এজাহাৰৰ ভিত্তিত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত প্ৰদীপ নাথক। এই ঘটনাই লৈ মঙলদৈত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।