বিদায় ক্ৰিকেট! সকলো ক্ৰিকেটৰ পৰাই অৱসৰ ঘোষণা ‘গব্বৰ’ শিখৰ ধাৱানৰ

ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে খেলপথাৰৰ ‘গব্বৰ’ হিচাপে পৰিচিত শিখৰ ধাৱানে। সামাজিক মাধ্যমত এটা পোষ্ট কৰি ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে ভাৰতীয় অ’পেনাৰ বেটছমেনগৰাকীয়ে।

অৱসৰৰ কথা ঘোষণা কৰি ধাৱানে লিখিছে, ‘মোৰ ক্ৰিকেট যাত্ৰাৰ অন্ত পৰিল। অগণন স্মৃতি আৰু কৃতজ্ঞতা থাকি গ’ল। যি মৰম আৰু সহায় পালো তাৰ বাবে ধন্যবাদ। জয় হিন্দ।”

উল্লেখ্য যে, ২০২২ চনৰ ডিচেম্বৰ মাহত শেষবাৰৰ বাবে দেশৰ হৈ খেলিছিল ৩৮ বছৰীয়া ধাৱানে। বাংলাদেশৰ বিৰুদ্ধে সেই এদিনীয়া শৃংখলাৰ পিছত ভাৰতীয় দলত নিজৰ স্থান হেৰুৱাইছিল খেলুৱৈগৰাকীয়ে। তাৰ পিছত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তনৰ বাবে তেওঁ চেষ্টা চলায় যদিও স্থান দখল কৰাত ব্যৰ্থ হয়।

ভিডিঅ’ মেছেজত ধাৱানে কয়, ‘মোৰ এটাই লক্ষ্য আছিল, দেশৰ হৈ খেলা। সেই লক্ষ্য পূৰণ হৈছে। বহুতকে অশেষ ধন্যবাদ। প্ৰথমে মোৰ পৰিয়াল, মোৰ শৈশৱৰ প্ৰশিক্ষক তাৰক সিং আৰু মদন শৰ্মাক ধন্যবাদ। তেওঁলোকৰ প্ৰশিক্ষণত মই ক্ৰিকেট শিকিলোঁ। তাৰ পিছত মই মোৰ গোটেই দলটোক ধন্যবাদ জনাইছো যাৰ লগত মই খেলিছো, আৰু এটা পৰিয়াল পাইছো। সকলোৰে মৰম আৰু সমৰ্থন পালোঁ। গল্পৰ কিতাপ পঢ়ি থাকোঁতে পৃষ্ঠা লুটিয়াই যোৱাৰ দৰেই কৰি আছো। আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ লৈছো।”

ধাৱানে ভাৰতী ক্ৰিকেট ব’ৰ্ড আৰু দিল্লী ক্ৰিকেট সন্থাকো ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে সমৰ্থকসকলক ধন্যবাদ জ্ঞাপন কৰে।

তেওঁ কয়, ‘দেশৰ হৈ খেলিবলৈ পাই মই ধন্য। বি চি চি আই, ডি ডি চি এয়ে মোক সেই সুযোগ দিলে। অনুৰাগীৰ মৰমো পাইছো। মই নিজকে ক’ব বিচাৰো যে দেশৰ হৈ খেলিব নোৱাৰো বুলি দুখ অনুভৱ কৰাৰ প্ৰয়োজন নাই, বৰঞ্চ দেশৰ হৈ খেলিবলৈ পাইছো বুলি ভাবি সুখী হোৱা উচিত।’

বাওঁহতীয়া অ’পেনাৰগৰাকীয়ে দেশৰ হৈ ৩৪খন টেষ্ট, ১৬৭খন এদিনীয়া আৰু ৬৮খন টি-২০ মেচ খেলিছে। টেষ্টত তেওঁৰ ৭ টা শতক আছে। ২৩১৫ ৰান সংগ্ৰহ কৰিছে। ধাৱানে এদিনীয়া ক্ৰিকেটত ১৭ টা শতকসহ ৬৭৯৩ ৰান সংগ্ৰহ কৰিছে। ৰোহিত শৰ্মাৰ সৈতে তেওঁৰ পাৰ্টনাৰশ্বিপত ভাৰতে বহু মেচত জয়লাভ কৰিছে। বিশেষকৈ আই চি চিৰ প্ৰতিযোগিতাত ৰোহিত আৰু ধাৱানৰ সফলতা আকৰ্ষণীয়।

শিখৰ ধাৱানে দেশৰ জাৰ্চি পিন্ধি টি-২০ত ১৭৫৯ ৰান সংগ্ৰহ কৰিছে। তেওঁ ভাৰতক কেইবাখনো এদিনীয়া মেচতো নেতৃত্ব দিছে। ধাৱানে দিল্লী ডেয়াৰডেভিলছ (২০০৮), মুম্বাই ইণ্ডিয়ানছ (২০০৯-২০১০), ডেকান চাৰ্জাৰ্ছ (২০১১-২০১২), ছানৰাইজাৰ্ছ হায়দৰাবাদ (২০১৩-২০১৮), দিল্লী কেপিটেলছ (২০১৯-২০২১) আৰু পঞ্জাব কিংছ (২০২২-২০২৪)ৰ হৈ আইপিএলত খেলিছে।

  • Related Posts

    বাপুকণ ট্ৰফী নৈশ ফুটবল উদ্বোধন ছফি জামাল হুছেইনৰ

    বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত আগশাৰীৰ ক্লাৱ কাঁহিবাৰী নৱৰূপ ক্লাৱৰ উদ্যোগত এখন বিশেষ নৈশ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে৷ ৰাজ্যৰ কেইবাটাও দুৰ্দান্ত দলে অংশগ্ৰহণ কৰা বাপুকণ ট্ৰফী নৈশ ফুটবল প্ৰতিযোগিতাৰ…

    ৰাঁচীত আৰম্ভ টি-২০ চেলেঞ্জাৰ ট্ৰফী, টিম-ডিত অসম কন্যা মণিষা

    টি-২০ চেলেঞ্জাৰ ট্ৰফী-২০২৪ আজিৰে পৰা আৰম্ভ হৈছে৷ ১৭ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ ভাৰতৰ অন্যতম মহিলা ক্ৰিকেটৰ মুখ্য ঘৰুৱা টি-২০ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ঝাৰখণ্ডৰ ৰাচীত। সকলো মেচ ৰাঁচীৰ জেএছচিএ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…