ভাস্কৰ শৰ্মা বাহিনীৰ সদস্য মহাপ্ৰতাপী কয়লা মাফিয়া ৰাকেশ জয়ছোৱালক ঔকিল

তিনিচুকীয়া জিলাৰ মার্ঘেৰিটাত অবৈধ কয়লা মাফিয়া তথা বণিয়াই থলুৱা যুৱকক আতিশয্যা চলোৱাৰ অভিযোগ নতুন নহয়৷ এনে অভিযোগৰ মাজতে উজনি অসমৰ তিনিচুকীয়া জিলাৰ মার্ঘেৰিটাত এজন মহাপ্ৰতাপী বহিৰাগত কয়লা মাফিয়াক বগৰাই বগৰাই প্ৰহাৰ কৰাৰ ঘটনা সমগ্ৰ উজনি অসমত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ভিডিঅ’টোৱে সমগ্ৰ তিনিচুকীয়া জিলাত বতাহৰ বেগত ভাইৰেল হয়৷ একাংশ লোকে ভিডিঅ’ প্ৰত্যক্ষ কৰি ক’বলৈ আৰম্ভ কৰিছে যে এয়া সময়ৰ খেল৷ কালিলৈ যাৰ দপদপনিত মানুহৰ মুখৰ মাত ওলোৱা নাছিল আজি সেই দপদপনিক ভৰিৰে মোহাৰি পেলালে থলুৱা যুৱকৰ দলে৷ বহু কেইজন যুৱকে কয়লা মাফিয়াক ৰাজপথত বগৰাই বগাই মাৰধৰ কৰে৷ মাটিত বগৰাই লাথ, ভুকি, ঘোচা মৰা লেবেজান হৈ পৰাত কয়লা মাফিয়া ৰাকেশ জয়ছোৱাল হাস্পতালত ভৰ্তি কৰিবলগীয়া হয়৷ প্ৰায় ৩০ জনীয়া যুৱকৰ দল কয়লা মাফিয়া ৰাকেশ জয়ছোৱালক প্ৰহাৰ কৰিছে৷ লথিয়াই লথিয়াই ইফালৰ পৰা সিফালে নিছে৷ থিয় হ’ব খুজিছে যদিও বাগৰি পৰিছে৷ নিজকে ৰক্ষা কৰিবলৈ অপ্ৰাণ প্ৰয়াস কৰিছে৷ এই ঘটনা সংঘটিত হৈছিল লেখাপানীত৷ এজনৰ পিছত সিজনে গোট বান্ধি ৰাকেশ জয়ছোৱালক আক্ৰমণ কৰা পৰিলক্ষিত হয়৷ ৰাকেশ জয়ছোৱাল হৈছে মার্ঘেৰিটা বিজেপিৰ নেতা৷ মার্ঘেৰিটাৰ বিজেপিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ ঘনিষ্ঠ ৰাকেশ জয়ছোৱাল৷ আজিৰ পৰা প্ৰায় কুৰি দিন পূৰ্বলৈ কাকো কেৰেপ কৰা নাছিল৷ কয়লাৰ ধনেৰে কোটি কোটি গঢ়া ৰাকেশে স্থানীয় থলুৱা যুৱকক দাবী-ধমক দিয়াৰ অভিযোগ দীৰ্ঘদিনীয়া৷ কিন্তু আজি লেখাপানীত বিপৰীত দৃশ্য দেখা গ’ল৷ মহাপ্ৰতাপী ৰাকেশ জয়ছোৱালক বেয়াকৈ মাৰধৰ কৰে৷ মাৰধৰ কৰি থকাৰ সময়ত স্থানীয় কোনো লোকে ৰক্ষা কৰিবলৈ ওলাই এহা নাছিল৷ এয়ে যেন আছিল পুঞ্জীভূত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাই উমানন্দ মৰাণে কয় যে এই কাজিয়াখনত মাৰ খোৱা ৰাকেশ জয়ছোৱালে নিজে এমএলঅ বুলি ভাবে৷ স্থানীয় ব্যৱসায়ত আধিপত্য বিস্তাৰ কৰিছে৷ থলগিৰীৰ ওপৰত নিতৌ আতিশয্যা চলাই আহিছে এয়া তাৰ বহিঃপ্ৰকাশ৷ উমানন্দ মৰাণে দশক দশক ধৰি গুণ্ডাগিৰী কৰি থলুৱাক আতিশয্যা চলোৱা ৰাকেশ জয়ছোৱালক গ্ৰেপ্তাৰ কৰি তদন্ত কৰিব লাগে আৰু যদি বিধায়ক ভাস্কৰ শৰ্মাই ৰাকেশ জয়ছোৱালৰ সৈতে জড়িত নহয় তেন্তে কওক জয়ছোৱালক অঘোষিত বিধায়ক পতা নাই বুলি৷ কয়লা মাফিয়াৰ মাজত লগা সংঘাতৰ ফলত স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ লিডু, জাগুন, লালপাহাৰ, পাহাৰপুৰ, নামদাং, পাইৰিং ৰেঞ্জত অবৈধ কয়লাৰ অব্যাহত থকা বুলি কয় স্থানীয় ছাত্ৰ সংগঠন তথা ৰাইজে৷ কয়লাৰ খনন আৰু সৰবৰাহ অব্যাহত থকাৰ অভিযোগ উত্থাপন কৰি জাতীয় সংগঠনে কয় যে প্ৰশাসন ব্যৱস্থা কয়লা খনিত জড়িত৷ কয়লাখনিত ৯ জনকৈ শ্ৰমিকে প্ৰাণ হেৰুওৱাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তদানীন্তন আৰক্ষী সঞ্চালক প্ৰধান জি.পি সিং তৎপৰ হৈ পৰিছিল৷ তিনিচুকীয়া, ডিমা হাচাও, কাৰ্বি আংলং জিলাত আৰক্ষীয়ে অভিযান চলাই কয়লাৰ ৰেট হোল মাইনিঙত জড়িত শ্ৰমিক, মহৰী, পৰিচালকক গ্ৰেপ্তাৰ কৰাৰ লগতে খননত ব্যৱহৃত সঁজুলী জব্দ কৰিবলৈ সক্ষম হৈছিল৷ মুখ্যমন্ত্ৰীৰ ৰেট হোল মাইনিং বন্ধৰ নিৰ্দেশ, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান জি.পি সিং তৎপৰ হৈছিল যদিও মাথো দুদিন অভিযানৰ পিছতে অভিযান স্তদ্ধ হৈ পৰে৷ কিন্তু এইবাৰ উজনি অসমৰ তিনিচুকীয়া জিলাৰ মার্ঘেৰিটাত কয়লা মাফিয়াৰ মাজত আৰম্ভ হৈছে ভয়াবহ সংঘাত৷ লেখাপানীত একাংশ যুৱকে বিজেপি নেতা ৰাকেশ জয়ছোৱালক খেদি খেদি প্ৰহাৰ কৰাৰ ঘটনাই সমগ্ৰ জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…