
ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে শনিবাৰে এখন সংক্ষিপ্ত বিবৃতিত জানিবলৈ দিয়ে যে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘৰ্ষবিৰতিৰ ওপৰত একমত হৈছে। তেওঁ কয় যে পাকিস্তানৰ ডাইৰেক্টৰ জেনাৰেল অৱ মিলিটাৰী অপাৰেচনে ভাৰতীয় সময় অনুসৰি আবেলি ৩ বাজি ৩৫ মিনিটত ভাৰতৰ ডাইৰেক্টৰ জেনাৰেল অৱ মিলিটাৰী অপাৰেচনলৈ ফোন কৰিছিল। উভয় পক্ষৰ মাজত এই বিষয়ে একমত হয় যে ভাৰতীয় সময় অনুসৰি আবেলি ৫ বজাৰ পৰা স্থলভাগ, আকাশ আৰু সমুদ্ৰত, সকলো ঠাইতে সকলো প্ৰকাৰৰ গুলীবর্ষণ আৰু মিলিটাৰী অভিযান বন্ধ কৰা হয়। এই বুজাবুজি অনুসৰি দুয়োটা পক্ষক পদক্ষেপ লোৱাৰ নিৰ্দেশ দিয়া হৈছে। উভয় দেশৰ ডি.জি. এম.ও. ১২ মে’ তাৰিখে দিনৰ ১২ বজাত পুনৰ এই বিষয়ে আলোচনা কৰিব৷ এই ঘোষণা কিছু সময় আগতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী ইছহাক দাৰে সংঘৰ্ষবিৰতিৰ ওপৰত একমত হৈছে বুলি প্ৰকাশ কৰিছিল।