ভূপেন বৰাৰ অভিযোগ, বিজেপিক লাভৱান হোৱা কাম কৰিছে অখিল গগৈয়ে

বৰাক উপত্যকাৰ ধলাই সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়ত আজি গুৱাহাটী বিমান বন্দৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই সাংবাদিকৰে মুখামুখি হৈ অখিল গগৈক ভাল যোদ্ধা আখ্যা দিয়ে যদিও অস্ত্ৰ ভুলকৈ পৰিচালনা কৰা বুলি আক্ষেপ কৰিছে৷ অখিল গগৈ এজন ভাল যোদ্ধা, তাত মোৰ কোনো সন্দেহ নাই। কিন্তু যোদ্ধাই অস্ত্ৰ ভুল পৰিচালনা কৰিব নালাগে। যদি আপুনি এজন ভাল যোদ্ধা হ’ব বিচাৰে তেতিয়া আপুনি অস্ত্ৰটো কেতিয়া, কোন ফালে মাৰিব লাগে, কোন অস্ত্ৰ কাৰ গাত মাৰিব লাগে সেই কথা জানিব লাগে বুলি অখিল গগৈক উদ্দেশ্যে কয় ভূপেন বৰাই৷ ভূপেন বৰাই আৰু কয় যে এতিয়া উপ-নিৰ্বাচনত ৰাইজে বিজেপিক পৰাজিত কৰিব বিচাৰিছে৷ আমি যিবিলাক মানুহে বিজেপিৰ বিৰুদ্ধে যুঁজি আছো, সেইবিলাক মানুহে ৰাইজক কেতিয়াও বিভ্ৰান্ত কৰিব নালাগে৷ বিজেপি বিৰোধী যুঁজখনত আমি সকলোৱে আছো৷ কিন্তু আমি যদি কিছু কথা কৈ থাকো, তেতিয়া বিজেপি বিৰোধী মানুহে মনত আঘাত পাব৷ ৰাইজ বিভ্ৰান্ত হ’ব৷ তেতিয়া লাভ কাৰ হ’ব৷ বিজেপিৰ লাভ হ’ব পৰা, বিজেপি বিৰোধী মানুহখিনিয়ে অন্তৰত আঘাত পাব পৰা কোনো বক্তব্য বিজেপি বিৰোধী নেতাই দিব নালাগে৷ গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ সংঘাতক লৈ সাংবাদিকে প্ৰশ্ন কৰাত উত্তৰত ভূপেন বৰাই কয় যে গৌৰৱ গগৈক আমাৰ দলে লোকসভাত উপ-দলপতিৰ দায়িত্ব দিছে৷ বিহালীত তেওঁক প্ৰচাৰৰ দায়িত্ব আমি দলেই দিছো৷ তেওঁ নিজেই বিহালীলৈ যোৱা নাই৷ অজিত সিঙক ধলাই, প্ৰদ্যুৎ বৰদলৈক বঙাইগাঁও, জাকিৰ হুছেইন সিকদাৰক ছিদলী আৰু ৰকিবুল হুছেইনক চামগুৰিৰ দায়িত্ব দিছো৷ সেই দায়িত্ব আমিহে দিছো৷ যেনেকৈ প্ৰদ্যুৎ বৰদলৈয়ে বঙাইগাঁৱত, ৰকিবুল হুছেইনে চামগুৰিত কাম কৰিছে তেনেকৈ গৌৰৱ গগৈয়ে বিহালীত কাম কৰি আছে৷ মই নিজেই সকলো সমষ্টিলৈ গৈ আছো৷ তাতে সংঘাতৰ কথা নাই৷

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…