মহবুবুল হকক এটা গোচৰত জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

মেঘালয়ৰ ৰি-ভই জিলাৰ ব্যক্তিগত খণ্ডৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয় (চমুকৈ ইউএছটিএম)ৰ স্বত্বাধিকাৰী তথা উপাচাৰ্য মহবুবুল হকক গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা গোচৰত জামিন প্ৰদান কৰিছে। শ্ৰীভূমিৰ পাথাৰকান্দি আৰক্ষী থানাত ৰুজু হোৱা ৫৪/২০২৫ নম্বৰৰ গোচৰত উচ্চ ন্যায়ালয়ে তেওঁক জামিন দিছে। কাইলৈ আন এটা গোচৰৰ শুনানি হ’ব। যদি দ্বিতীয়টো ৫৫/২০২৫ নম্বৰৰ গোচৰত ন্যায়ালয়ে জামিন প্ৰদান কৰে, তেন্তে মহবুবুল হক সম্পূৰ্ণৰূপে মুকলি হ’ব।

গুৱাহাটী উচ্চ ন্যায়ালয়ত মহবুবুল হকৰ বিৰুদ্ধে ৰুজু হোৱা ৫৪/২০২৫ নম্বৰৰ গোচৰত জামিন আৱেদনৰ শুনানিৰ অন্তত ন্যায়ালয়ে ৩ মাৰ্চলৈ ৰায় সংৰক্ষিত কৰিছিল। ২১ ফেব্ৰুৱাৰীৰ নিশা ডেৰ বজাত গুৱাহাটীৰ ঘোঁৰামৰাৰ ঘৰৰ পৰা শ্ৰীভূমি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। গুৱাহাটীৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ দূৰৈৰ শ্ৰীভূমিলৈ আৰক্ষীয়ে তেওঁক লৈ যায়। ২৫ ফেব্ৰুৱাৰীত আদালতে হকক চাৰি দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। পিছত অধিক তদন্তৰ বাবে দিছপুৰ আৰক্ষী থানালৈ নিয়া হয়। ১ মাৰ্চত শ্ৰীভূমিলৈ নি জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত ৭ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

আন পাঁচ গৰাকী অভিযুক্ত হীৰামণি ডেকা, বিজয় দত্ত, ৰেজ্জাক আলী, নুমান আহমেদ আৰু ইমদাদুৰ ৰহমানকো একে সময়তে আৰক্ষীৰ জিম্মাত ৰখা হৈছিল। মহবুবুল হক আৰু শিক্ষকসকলৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰে নম্বৰ বৃদ্ধিৰ আশ্বাস দিয়াৰ অভিযোগ আনিছিল একাংশ ছাত্ৰ-ছাত্ৰীয়ে। প্ৰলোভিত কৰাৰ চিণ্ডিকেট চলোৱাৰ অভিযোগত ২১ ফেব্ৰুৱাৰীত মহবুবুল হকক গ্ৰেপ্তাৰ কৰা হৈছিল।

উল্লেখ্য যে, ইআৰডি নামৰ এটা ফাউণ্ডেচনৰ অধীনত চলা শ্ৰীভূমিৰ পাথাৰকান্দিৰ চিবিএছইৰ অধীনৰ চেণ্ট্ৰেল পাব্লিক স্কুলৰ অন্যতম মালিক হৈছে মহবুবুল হক। পাথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুলক চলিত চিবিএছইৰ পৰীক্ষাৰ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। ২১ ফেব্ৰুৱাৰীত এই পৰীক্ষা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ ইআৰডি ফাউণ্ডেচনৰ অধীনৰ শিক্ষানুষ্ঠানৰ ২১৪ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষা হ’লত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। তেওঁলোকে চকী-মেজ ভাঙি পেলাইছিল। পৰীক্ষাৰ্থীসকলক বিশেষ সুবিধা দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ আনি সেই সুবিধা নোপোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাত আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লয়। আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত পৰীক্ষাৰ্থীৰ ভাষ্য সংগ্ৰহ কৰাৰ লগতে কেইবাগৰাকী লোকৰ সৈতে পৰীক্ষাৰ্থীৰ বুজাবুজি কৰাৰ তথ্য লাভ কৰে। ধনৰ লেনদেনৰ সন্দেহ কৰি ৫৪/২০২৫ নম্বৰত গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিত নিশাই ইআৰডি ফাউণ্ডেচন আৰু পাথাৰকান্দিৰ চেন্ট্রেল পাব্লিক স্কুলৰ মালিকীস্বত্বৰ সৈতে জড়িত মহবুবুল হকক গ্ৰেপ্তাৰ কৰা হয়।

  • Related Posts

    কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

    আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে…

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে