মিকিৰ বামুণী গ্ৰাণ্টত জনজাতীয়ক খেদি পাৱৰ প্ৰজেক্ট স্থাপন বিজেপিৰ, আইনজ্ঞ-বিশিষ্ট নাগৰিকৰ সৈতে কংগ্ৰেছৰ বৈঠক

অসম সচিবালয়ৰ প্ৰেক্ষাগৃহত আজি অসম প্ৰদেশ কংগ্ৰেছে জ্যেষ্ঠ অধিবক্তা আৰু বিশিষ্ট নাগৰিকৰ সৈতে বিশেষ বৈঠক অনুষ্ঠিত কৰে। ম্যাদী মাটিৰ পৰা ৩ দিনৰ জাননীত উচ্ছেদ কৰিব পাৰে কেনেকৈ তাক লৈ আলোচনা কৰা হয়৷ বিশিষ্ট লোকসকলে নিৰ্দিষ্ট জিলা আয়ুক্তসকলক জৱাবদিহি কৰাৰ লগতে চৰকাৰৰ এজেণ্ডাৰ হৈ কাম কৰি থকা বিষয়াসকল ৰাইজৰ বিষয়া, কোনো দলৰ নহয় তাকো আলোচনা কৰে। প্ৰয়োজনত অসাংবিধানিক উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ, ধৰ্মীয় দৃষ্টিকোণক লক্ষ্য কৰি বক্তব্য দিয়া বিষয়টোক গুৰুত্ব প্ৰদান কৰা, নাগৰিক সমিতি গঠন কৰি উচ্ছেদিৰ নথি পৰীক্ষা কৰাৰো দিহা প্ৰদান কৰে কংগ্ৰেছেক৷ গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক জগতৰ ব্যক্তিৰ সৈতে ভূমি নীতিৰ সম্পৰ্কত দীঘলীয়া আলোচনাৰ অন্তত সাংবাদিকসকলৰ সৈতে মুখামুখি হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কেইবাটাও মন্তব্য প্ৰদান কৰে৷ সভাপতি ভূপেন বৰাই কয় যে বিশিষ্ট আইনজ্ঞ আৰু জাতীয় জীৱনৰ সৈতে জড়িত লোকক আমন্ত্ৰণ কৰি আনিছো৷ তেখেতসকলে মূল্যবান পৰামৰ্শ দিছে৷ মুখ্যমন্ত্ৰীৰ কাম-কাজক কেইবাবাৰো উচ্চ ন্যায়ালয়ে ককৰ্থনা কৰিছে৷ আমি ভূমি নীতিক লৈ চৰকাৰক শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ দাবী জনাম৷ ভূমি নীতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰাই কয় যে আমি অসমৰ বিশিষ্ট আইনজ্ঞক লগত লৈ এখন আইন তৈয়াৰ কৰিম৷ সেই আইন বিধানসভাৰ বিৰোধী দলপতিৰ দ্বাৰা প্ৰাইভেট মেম্বাৰ বিল হিচাপে উত্থাপন কৰিম৷ সেইখন কংগ্ৰেছৰ ভূমি নীতি নহয়৷ সেইখন হ’ব অসমৰ ৰাইজৰ মতামতৰ ভিত্তিত তৈয়াৰ কৰি ভূমি নীতি৷ সেইখন জাতীয় জীৱনৰ সকলো স্তৰৰ ব্যক্তিৰ সৈতে লগলাগি প্ৰস্তুত কৰিম৷ সেইখন উত্থাপন কৰি সেইখন চৰকাৰে কি কৰে চাম৷ যদি কংগ্ৰেছ চৰকাৰ আহে তেতিয়া আমাৰ চৰকাৰৰ ভূমি নীতি কেনেকুৱা হ’ব সেই কতা আনি বিজেপি চৰকাৰৰ আমোলতে ৰাইজক বুজাই দিম৷ আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে বিভিন্ন সংস্থাই আমাক জনাৱো মতে, ইতিমধ্যে অসমত ৮০-৯০টা ভূমিক লৈ ভূমি কেন্দ্ৰীক সংঘাত চলি আছে৷ মিকিৰ বামুণী গ্ৰাণ্টত পাৱৰ প্ৰজেক্ট বহুৱাই জনজাতীয় লোকক উচ্ছেদ কৰা হৈছে৷ জনজাতীয় লোকৰ ৰায়তী স্বত্ব কাটি দিয়া হৈছে৷ জমিদাৰী প্ৰথা সমাপ্ত কৰাত যিসকলে ৰায়ত পাইছিল সেইসকলক বঞ্চিত কৰা হৈছে৷ বিজেপি চৰকাৰে জনজাতীয় লোকক বঞ্চিত কৰি পুনৰ জমিদাৰৰ হাতত মাটি গতাই দি ভূমিপুত্ৰক বঞ্চিত কৰি পাৱৰ প্ৰজেক্ট বহুৱাইছে৷ বিধানসভাত কংগ্ৰেছ প্ৰশ্ন কৰাত চৰকাৰে উত্তৰ দিব পৰা নাই৷ নামনি অসমৰ বিভিন্ন এলেকাত এনেদৰে মাটি দিয়া হৈছে৷ যাৰ বাবে বচা বচা ঠাইত চৰকাৰে উচ্ছেদ চলাইছে৷ কাৰো স্বাৰ্থত আঘাত নকৰাকৈ অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত হ’ব লাগিব৷ যিসকল বিদেশী তেওঁলোক অসমত মাটি-বাৰী ল’ব নোৱাৰে সেয়া নিশ্চিত কথা৷ মুখ্যমন্ত্ৰীক সমালোচনা কৰি দেৱব্ৰত শইকীয়াই কয় যে সোণাপুৰৰ ৰক্তাক্ত সংঘাতৰ সময়ত মুখ্যমন্ত্ৰীয়ে মোক দায়ী কৰিছিল৷ মোৰ বাবে তেনে হোৱা বুলি কৈছিল৷ কিন্তু সংবাদমাধ্যমে মোৰ বক্তব্য পুনৰ ৰাইজক দেখুওৱাক৷ মোক কৈছিলো যে আইন অনুযায়ী উচ্ছেদ হ’ব লাগে৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে