মোক পাশাখেলৰ গুটি সজোৱা হ’লঃ গীতাশ্ৰী তামুলী

বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ পত্নী, বিশিষ্ট লেখক গীতাশ্ৰী তামুলীৰ অধ্যাপিকাৰ চাকৰি লাভত খেলি-মেলিৰ অভিযোগক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ আছে৷ গুৱাহাটীৰ বি.বৰুৱা কলেজৰ অধ্যাপিকা গীতাশ্ৰী তামুলীৰ চাকৰিক লৈ বিধানসভাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে সন্দেহব্যক্ত কৰাত একাংশ লোকে মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিছিল৷ আনকি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে সামাজিক মাধ্যমত যোগে গীতাশ্ৰীৰ জ্ঞান-গৰিমাক লৈ প্ৰশ্ন কৰা কাৰ্যক সহজে লোৱা নাছিল৷ তাৰ মাজতে মোক কিয় পাশাখেলৰ গুটি সজোৱা হ’ল বুলি প্ৰশ্ন কৰিছে বি বৰুৱা কলেজৰ অধ্যাপিকা গীতাশ্ৰী তামুলীয়ে৷ নিযুক্তিত মই কোনো ধৰণৰ অসততাৰ আশ্ৰয় লোৱা নাছিলো বুলি আজি এটা ফেচবুক পোষ্ট যোগে আত্মপক্ষ সমৰ্থন কৰে তামুলীয়ে৷ ফেচবুক পোষ্ট যোগে তামুলীয়ে কয় ‘‘আত্মপক্ষ সমৰ্থনত এষাৰ৷ বি. বৰুৱা কলেজত মোৰ গীতাশ্ৰী তামুলীৰ নে অখিল গগৈৰ পত্নীৰ? নিযুক্তি সম্পৰ্কে মাননীয় মুখ্যমন্ত্ৰীয়ে বিধানসভাত দাঙি ধৰা বক্তব্যৰ পাচত নিযুক্তিৰ সমগ্র প্ৰক্ৰিয়াৰ তদন্ত বিচাৰি মই উচ্চ শিক্ষা বিভাগৰ সঞ্চালকৰ জৰিয়তে মাননীয় মুখ্য মন্ত্ৰী মহোদয়লৈ এক আবেদন পত্ৰ প্ৰেৰণ কৰিছোঁ। এই আবেদন-পত্ৰৰ কোনো আনুষ্ঠানিক সঁহাৰি-সুদুত্তৰ নোপোৱা পৰ্যন্ত মই ধৈৰ্যৰে অপেক্ষা কৰিব লাগিব। এগৰাকী শিক্ষক বা সাধাৰণ চৰকাৰী কৰ্মচাৰী হিচাপে এনেদৰে অপেক্ষা কৰি থকাৰ বাহিৰে মোৰ কোনো গত্যন্তৰ নাই। মই ৰৈ আছো। এই সময়ছোৱাত মোৰ শুভানুধ্যায়ী, সৎ জীৱনাদৰ্শত বিশ্বাসী যিসকল অগ্ৰজ-অনুজ ব্যক্তি, প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী তথা বিদ্বৎ মহলৰো বৰেণ্য ব্যক্তিয়ে মোৰ প্ৰতি অভাৱিত সমৰ্থন আগবঢ়ালে সেইসকলৰ প্ৰতি মোৰ অন্তৰৰ কৃতজ্ঞতা যাচিলো। মই বিশ্বাস কৰো যে বি বৰুৱা কলেজত নিযুক্তি পাবলৈ মই কোনো ধৰণৰ অসততাৰ আশ্ৰয় লোৱা নাছিলো। যিহেতুকে স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে নিজে শিক্ষামন্ত্ৰী হৈ থকাকালৰ এই শিক্ষক নিযুক্তি সম্পৰ্কে অসন্তুষ্টি প্ৰকাশ কৰিছে৷ গতিকে এটা যথোপযুক্ত তদন্ত নিশ্চয়কৈ লাগে। ময়ো জানিব বিচাৰো ১৪ বছৰৰ পাছত অভিযোগ উত্থাপন হোৱা এই নিযুক্তিৰ অন্তৰালত সেই সময়ৰ নিযুক্তিৰ বিধি অনুসৰি সঁচাকৈয়ে কিবা অনিয়ম হৈছিল নেকি? অনিয়মৰ বিষয়ে জানিও সংশ্লিষ্ট পক্ষসমূহ ন্যায়ালয়লৈ নগ’ল কিয়? কিয় মোক পাশাখেলৰ গুটি সজোৱা হ’ল? ৰাজনীতিৰ পক্ষ-বিপক্ষৰ পৰা আঁতৰত মই নিজে এটি পক্ষ। অভিযুক্ত। কিন্তু কি কৰিছিলো? এই প্ৰশ্নৰ উত্তৰৰ বাবে মৃত্যু পৰ্যন্ত বাট চাম। আজি আছো, কাইলৈ নাই। মোৰ বাবে কোনো কথাই জনপ্ৰিয় ৰাজনীতিকে জনতালৈ দলিয়াই দিয়া আৰু কাইলৈকে পাহৰি পেলোৱা বচন নহয়।’’ উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে গীতাশ্ৰী তামুলীৰ চাকৰিক লৈ খেলি-মেলিৰ অভিযোগ কৰাত ইতিমধ্যে অখিল গগৈ আৰু পত্নী গীতাশ্ৰী তামূলীয়ে পৃথকে পৃথকে বি. বৰুৱা কলেজ কৰ্তৃপক্ষ আৰু উচ্চ শিক্ষা সঞ্চালকক পৃথকে পৃথকে পত্ৰ প্ৰদান কৰি চাকৰি সাক্ষাতকাৰকৈ ধৰি প্ৰক্ৰিয়াটোৰ তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে৷ অখিল গগৈয়ে মুখ্যমন্ত্ৰীক পত্নীৰ চাকৰি আৰু ঘৰ ক্ৰয়ৰ বিষয়টোক লৈ দুখন পত্ৰ মুখ্যমন্ত্ৰীক প্ৰদান কৰিছে৷ মুখ্যমন্ত্ৰীক পত্ৰ প্ৰদান কৰি পত্নীৰ চাকৰি আৰু ঘৰটো বিষয়ে তদন্ত কৰিবলৈ আহ্বান জনায়৷ চানমাৰিৰ নিজৰাপাৰৰ বাসগৃহ ক্ৰয় আৰু পত্নীৰ চাকৰিত যদি দুৰ্নীতি আছে তাৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক অখিল গগৈয়ে পত্ৰ দিয়াৰ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অখিল গগৈৰ পত্নীৰ পিছতে এইবাৰ আন এগৰাকী বিধায়ক বিশ্বজিৎ ফুকনৰ পত্নীৰ কলেজ অধ্যক্ষ পদৰ প্ৰসংগক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে