লিলিত কংগ্ৰেছ অবিহনে বহিল ‘অসম’, পুনৰ কংগ্ৰেছৰে মিত্ৰতা কৰিবলৈ সহমত অখিল-লুৰীণৰ

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যেতি গগৈ, কাৰ্বি আংলঙৰ নেতা জন ইংতি কাথাৰ, বামপন্থীদলসমূহৰ নেতাৰ উপস্থিতিত কালি গুৱাহাটীৰ লিলি হোটেলত পুনৰ বিৰোধীৰ বৈঠক অনুষ্ঠিত হৈছে৷ এই বৈঠকত কংগ্ৰেছ দল নাছিল যদিও পুনৰ কংগ্ৰেছৰে মিত্ৰতা কৰিবলৈ সহমত পোষণ কৰা বুলি জানিব পৰা গৈছে৷ কংগ্ৰেছৰে মিত্ৰতা কৰিবলৈ আটাইকেইটা দল আগ্ৰহী বুলি বৈঠকত সকলো দলৰ নেতাই মত দিয়ে দিলেও কংগ্ৰেছক কিছু প্ৰাথমিক চৰ্ত বান্ধি দিব বুলি জানিব পৰা গৈছে৷ বৈঠকৰ অন্তত এটা সূত্ৰই দাবী কৰা মতে, বৰ্তমান অসম সন্মিলিত মৰ্চাত থকা দলকেইটাই কংগ্ৰেছৰ নেতৃত্বতে নিৰ্বাচন খেলিবলৈ সাজু যদিও পূৰ্বৰ দৰে কংগ্ৰেছক সকলো সিদ্ধান্ত ল’বলৈ এৰি নিদিয়ে বুলি জানিব পৰা গৈছে৷ বৈঠকত অখিল গগৈয়ে কংগ্ৰেছক কেবাটাও চৰ্ত বান্ধি দিয়াৰ বিষয়ে মত পোষণ কৰিছে৷ আনহাতে, কেবাজনো নেতাই পৰৱৰ্তী বৈঠকত কংগ্ৰেছক চামিল কৰিবলৈ কোৱা বুলি জানিব পৰা গৈছে৷ অখিল গগৈয়ে কংগ্ৰেছৰ প্ৰসংগ আলোচনা কৰি যদি মৰ্যাদা সহকাৰে কংগ্ৰেছে বুজাবুজি কৰিবলৈ খুজিলেহে মিত্ৰতা হ’ব বুলি কয়৷ কংগ্ৰেছে কোনটো দলক কেইখন আসন এৰি দিব তাকে লৈ পূৰ্বেই স্থিতি স্পষ্ট কৰিব লাগিব৷ মিত্ৰতা হ’লে আগতে আসন ভাগ-বাটোৱাৰা হ’ব লাগিব বুলি চৰ্ত দিয়াত লৈও বৈঠকত আলোচনা হয়৷ বৈঠকত একেলগে নিৰ্বাচন খেলি যদি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় তেন্তে উমৈহতীয়া কৰ্মসূচী তৈয়াৰ কৰাৰে ক্ষেত্ৰতো আলোচনা হোৱা বুলি জানিব পৰা গৈছে৷ বৈঠকত অংশ লোৱা অখিল গগৈয়ে কয় যে উপ-নিৰ্বাচনত কংগ্ৰেছ নিজে নিজে আতৰি গ’ল৷ এতিয়া কথা স্পষ্ট যে যদি মৰ্যাদা সহকাৰে থাকিব খোজে, আমাকো মৰ্যাদাসহকাৰে ৰাখিব খোজে তেন্তে বুজাবুজি হ’ব৷ অন্যথাই বুজাবুজি নহ’ব৷ এতিয়াৰ পৰা আমাৰ সাংগঠনিক কাম-কাজ চলি থাকিব৷ আগৰ দৰে কম্প্ৰমাইজ কৰা নহয়৷ মৰ্যাদাসহকাৰেহে বুজাবুজি হয়৷ এয়া কোনো চৰ্ত নহয়৷ প্ৰাথমিকতাহে৷ গোটেই বছৰে একেলগে থাকিম৷ নিৰ্বাচন আহিলে কথা সলনি হ’ব৷ এনে অপমান আৰু সহ্য কৰা নহ’ব৷ যদি বুজাবুজি হ’ব লাগে তেন্তে আসনৰ আগতীয়াকৈ ভাগ-বিতৰণ হ’ব লাগে৷ কোনে কিমানখন আসনত খেলিব সেইটো আগতে ঠিক হ’ব লাগে৷ নহ’লে আকৌ মিত্ৰতা ভাগি যাব৷ আমাৰ দলৰ মাজত উমৈহতীয়া কৰ্মসূচী তৈয়াৰ কৰিব লাগে৷ একলগ হৈ যদি চৰকাৰ গঠন কৰিব পাৰে তেন্তে আমি কি কি কাম কৰিব পাৰিম তাক উমৈহতীয়া কৰ্মসূচী লাগিব বুলি কৈ অখিলে কয় যে পিছত দিল্লীৰ পৰা জাপি দিয়া কথা গ্ৰহণ কৰিব নোৱাৰো৷ আমি আঞ্চলিকতাবাদী, অসমৰ স্বাৰ্থ ৰক্ষা কৰাকে কিবা কাম কৰিম৷ দিল্লীৰ পৰা জাপি দিয়া কাম কৰিবলৈ আমি অতুল বৰা নহয়৷ কংগ্ৰেছে হাইকামাণ্ড মানি চলা দল হোৱাৰ বাবেই আসন ভাগ-বাটোৱাৰাৰ কথাটো এতিয়াই ক’ব নোৱাৰি বুলি কোৱা ভাষ্যৰ প্ৰতিক্ৰিয়া দি অখিল গগৈয়ে কয় যে সেই কাৰণে আমি অপেক্ষা কৰিম৷ তেওঁলোকে সময় লওক৷ কিন্তু প্ৰথমতে আসন ভাগ-বাটোৱাৰা হ’ব লাগে৷ সাম্প্ৰদায়িক আৰু ফেঁচীবাদী বিজেপিক পৰাজিত কৰিবলৈ কংগ্ৰেছৰ ওচৰত বন্ধুৰ দৰে কান্ধ পেলাই দিছিলো৷ কংগ্ৰেছে যি কয় তাকো শুনিছিলো৷ কিন্তু আমাৰ মৰমে মৰ্যাদা মাপালে৷ আসনৰ কথাটো আহিলে আমাক আতৰাই দিয়ে কংগ্ৰেছে৷ মৰ্যাদা নোহোৱাকৈ আমি জীয়াই থাকিব নোৱাৰো৷ সেয়েহে আগতে আসনৰ ভাগ-বাটোৱাৰা আৰু উমৈহতীয়া কৰ্মসূচী লাগিব৷ সাম্প্ৰদায়িক বিজেপি আৰু এআইইউডিএফক পৰাজিত নকৰালৈ এদিনো শান্তিত নোশো বুলিও কয় ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে৷ বৈঠকত অংশ লৈ লুৰীণজ্যোতি গগৈয়ে কয় যে আমাৰ মূল লক্ষ্য হৈছে অসমৰ পৰা সাম্প্ৰদায়িক বিজেপিক উৎখাত কৰিব লাগে৷ বিজেপিয়ে গণতন্ত্ৰক সংকটত পেলাইছে৷ মূল্যবৃদ্ধি কৰা জনতাক কষ্ট দিছে৷ এই কথাত বিজেপিয়ে গুৰুত্ব দিয়া নাই৷ কেৱল ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিছে৷ তাৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দলসমূহক ঐক্যবদ্ধ কৰিব যায় তাক লৈ আজি আলোচনা হৈছে৷ ৰণকৌশল তৈয়াৰ কৰিবলৈ এই বৈঠক কৰা হৈছে৷ বিজেপিক পৰাভূত কৰিব লাগিব৷ পৰৱৰ্তী দিনত কৰিবলগীয়া দায়িত্বসমূহ আলোচনা কৰিবলৈ আমি বৈঠক কৰিছো৷

 

 

  • Related Posts

    কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

    আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে…

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে