
এডভাণ্টেজ অসাম ২.০ত অসম চৰকাৰে কাছাৰ জিলাৰ শিলচৰ আৰু দৰং জিলাৰ চিপাঝাৰত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে দুখন চুক্তি স্বাক্ষৰ কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত হিউমেন পটেন্সিয়েল ডেভেলপমেণ্ট চাইন্স ইনফ’টেক্ প্ৰাইভেট লিমিটেড আৰু গৱেষণা এডুভাৰ্ছিটী ফাউণ্ডেচনৰ সৈতে চুক্তি স্বাক্ষৰ কৰি ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত লয়৷ শিলচৰত হিউমেন পটেন্সিয়েল ডেভেলপমেণ্ট চাইন্স ইউনিভাৰ্ছিটি স্থাপনৰ বাবে অসম চৰকাৰে হিউমেন পটেন্সিয়েল ডেভেলপমেণ্ট চাইন্স ইনফ’টেক্ প্ৰাইভেট লিমিটেডৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই পদক্ষেপৰ ফলত ৫০০ৰ পৰা এহেজাৰৰ নয়োগৰ সৃষ্টিৰ আশা প্ৰকাশ কৰিছে চৰকাৰে৷ আনহাতে অসম চৰকাৰ আৰু গৱেষণা এডুভাৰ্ছিটী ফাউণ্ডেচনৰ মাজত দৰঙৰ ছিপাঝাৰত এখন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ উদ্দেশ্যে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। এই শিক্ষানুষ্ঠানখনে প্ৰায় ২,৫০০ প্ৰত্যক্ষ চাকৰিৰ সৃষ্টি কৰাৰ সম্ভাৱনাৰ লগতে অসমত শৈক্ষিক উৎকৰ্ষতা, গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত এক নতুন দিগন্ত উন্মোচন হ’ব বুলি আশা ব্যক্ত কৰিছে শিক্ষামন্ত্ৰী পেগুৱে৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে অসমৰ উচ্চ শিক্ষাৰ পৰিৱেশ উন্নীতকৰণৰ ক্ষেত্ৰত আৰু উচ্চ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত এক নতুন সংযোজনে নতুন অধ্যায়ৰ সূচনা কৰিব৷