
মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰাৰ দিশত আগবাঢ়িছে অসম চৰকাৰ। বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য চৰকাৰে শীঘ্ৰে এই সন্দৰ্ভত এখন বিধেয়ক আনিব। এই বিধেয়কখনৰ নাম হৈছে ‘অসম বাধ্যতামূলক বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধেয়ক’। ইতিমধ্যে খচৰা প্ৰস্তুত কৰা হৈছে। ৰাজ্যত বাল্যবিবাহৰ হাৰ হ্ৰাস কৰাৰ স্বাৰ্থত এই পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈ লোৱা হৈছে। কাৰণ এই বিধেয়ক অনুসৰি কোনোবা প্ৰাপ্তবয়স্ক নহ’লে পঞ্জীয়ন সম্ভৱ নহয়।
বুধবাৰে অসম কেবিনেটে মুছলমান বিবাহ পঞ্জীয়ন বিধেয়ক গৃহীত কৰে। এই বিধেয়কখন শুকুৰবাৰে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত উত্থাপন কৰিব অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘আমি এনে এখন বিধেয়ক আনিবলৈ ওলাইছো য’ত ১৮ বছৰৰ তলৰ লোকক বিবাহ পঞ্জীয়নৰ যোগ্য বুলি গণ্য কৰা নহ’ব। পঞ্জীয়নৰ দায়িত্ব কাজীৰ পৰা উপ পঞ্জীয়কলৈ হস্তান্তৰ কৰা হ’ব।’
অৰ্থাৎ মুছলমান বিবাহৰ ক্ষেত্ৰত এতিয়া পঞ্জীয়ন কাজীৰ হাতত নাই। এই দায়িত্ব ৰাজ্যৰ ওপৰত হ’বলৈ গৈ আছে। হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, ‘বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ বিয়াৰ ৰীতি-নীতি বেলেগ বেলেগ। আমাৰ বিধেয়কত ইয়াৰ কোনো উল্লেখ নাই। কেৱল বিবাহ পঞ্জীয়ন চৰকাৰী বিষয়াই কৰিব। ইয়াৰ বাহিৰে হিন্দু বা মুছলমান বিবাহৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন কৰা হোৱা নাই।’
ইফালে কেবিনেটৰ এই সিদ্ধান্তৰ পিছতে ‘কাজী প্ৰথা’ ৰখাৰ বাবে চৰকাৰক আহ্বান জনাইছে অসমৰ কেইবাটাও মুছলমান সংগঠনে। এই বিধেয়কখন যদি আইনত পৰিণত হয় তেন্তে বাল্যবিবাহৰ পঞ্জীয়ন সম্ভৱ নহ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই কয় যে লাভ জেহাদক শাস্তিযোগ্য অপৰাধ হিচাপে গঢ়ি তুলিবলৈ নতুন আইন প্ৰৱৰ্তনৰ কথা চিন্তা কৰিছে। ‘লাভ জেহাদ’ৰ দোষী সাব্যস্ত হোৱা ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও চৰকাৰে অন্য ধৰ্মলৈ ভূমি হস্তান্তৰ কৰাত বাধা দিয়াৰ কথা চিন্তা কৰিছে বুলি হিমন্ত বিশ্ব শৰ্মাই কয়। ২০২৬ চনৰ ভিতৰত অসমত বাল্য বিবাহ বন্ধ হ’ব বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে।