
অৱশেষত নৈৰ বুকুৰ পৰা উদ্ধাৰ হ’ল নিৰুদ্দিষ্ট দম্পতিৰ মৃতদেহ।
কাছাৰৰ লক্ষীপুৰ কাঙ্গালী বস্তিত সোমবাৰে সন্ধিয়া এছ ডি আৰ এফৰ অভিযানত চিৰি নৈৰ পৰা উদ্ধাৰ হয় দম্পতীহালৰ মৃতদেহ।
নিহত দম্পতীহাল হৈছে জগ্গু কল আৰু পত্নী অঞ্জনা কল।
জানিব পৰা মতে, দুদিন পূৰ্বে বিয়লিৰ ভাগত কামৰেংগাৰ ঘৰৰ সমীপৰ চিৰি নৈত গা ধুবলৈ গৈছিল দম্পতীহাল।
গা ধুই থকাৰ সময়তে হঠাৎ নৈৰ পানীত ডুব যায় পত্নী অঞ্জনা কল।
পত্নীক বচাবলৈ চেষ্টা চলোৱা জগ্গুও সন্ধানহীন হৈ পৰে পানীৰ সোঁতত।
ইয়াৰ পিছতে আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে দুদিন ধৰি দম্পতীহালক বিচাৰি অভিযান চলায় চিৰি নৈত।
আৰু অৱশেষত সোমবাৰে সন্ধিয়া ঘটনাস্থলীৰ পৰা কেইবা কিলোমিটাৰ নিলগত উদ্ধাৰ হয় দুয়োৰে মৃতদেহ।