শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয় এদিনীয়াতো পৰাস্ত ভাৰত, অথলে গ’ল ৰোহিতৰ অৰ্ধশতক

ডিজিটেল ডেস্কঃ যি-২০ বিশ্বকাপত অপ্ৰতিৰোধ্য ভাৰতীয় বাহিনীৰ এতিয়া চলিছে দুৰ্দিন। শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীয়া শৃংখলাত ইখনৰ পিছত সিখনকৈ খেলত পৰাজয় বৰণ কৰিবলগীয়া হোৱা ভাৰতীয় দলটোৰ প্ৰদৰ্শনে আশাহত কৰিছে ভাৰতীয় ক্ৰিকেট সমৰ্থকসকলক। দেওবাৰে অনু্‌ষ্ঠিত হোৱা শৃংখলাৰ দ্বিতীয়খন খেলতো ৩২ ৰানত পৰাস্ত হয় ভাৰতীয় দলটো।

উল্লেখ্য যে, টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা শ্ৰীলংকাই ভাৰতৰ সন্মুখত বান্ধি দিয়ে ২৪০ ৰানৰ লক্ষ্য। এই লক্ষ্যৰ পিছা কৰি ৰোহিত শৰ্মাই দৰ্শনীয় ৬৪ ৰানৰ ইনিংছ খেলে যদিও বিৰাট কোহলী, শিৱম ডুবে, কে এল ৰাহুলৰ দৰে আন আন দুৰ্দান্ত বেটছমেনসকল সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। যাৰ পৰিণামস্বৰূপে ২০৮ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই শ্ৰীলংকাৰ বলাৰৰ সন্মুখত নতি স্বীকাৰ কৰিবলগীয়া হয় টীম ইণ্ডিয়াই।

দলীয় বেটিঙৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰীলংকাই ২৪০ ৰান সংগ্ৰহ কৰে। আভিস্কা ফাৰ্নাণ্ডো আৰু কামিন্দু মেণ্ডিছে সৰ্বাধিক ৪০ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰিও ৱাছালাগে ৩৯ ৰান, কুশল মেণ্ডিছে ৩০ ৰান আৰু চৰিথ আছলাংকাই ২৫ ৰান সংগ্ৰহ কৰে। ইফালে, ভাৰতৰ হৈ সৰ্বাধিক তিনিটা উইকেট দখল কৰে ৱাশ্বিংটন সুন্দৰে। ইয়াৰ উপৰিও কুলদীপ যাদৱে ২টা, মহম্মদ চিৰাজ আৰু অক্ষৰ পেটেলে এটাকৈ উইকেট লাভ কৰে।

পিছত ভাৰতে মাত্ৰ ১৩.২ অভাৰত অ’পেনাৰ ৰোহিত শৰ্মা আৰু শুভমন গীলৰ বেটত ৯৭ ৰান সংগ্ৰহ কৰে। ৪৪টা বলত ৬৪ ৰান কৰি ৰোহিত শৰ্মাই আউট হোৱাৰ পাছত ভাৰতীয় বেটিং তাচপাতৰ দৰে খহিবলৈ আৰম্ভ কৰে। মাত্ৰ ২৩.১ অভাৰত ১৪৭ ৰানত ৬ উইকেট হেৰুৱায় ভাৰতে। কে এল ৰাহুল আৰু শিৱম ডুবে শূণ্য ৰান কৰিয়েই উভতে পেভিলিয়নলৈ।

  • Related Posts

    বাপুকণ ট্ৰফী নৈশ ফুটবল উদ্বোধন ছফি জামাল হুছেইনৰ

    বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত আগশাৰীৰ ক্লাৱ কাঁহিবাৰী নৱৰূপ ক্লাৱৰ উদ্যোগত এখন বিশেষ নৈশ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে৷ ৰাজ্যৰ কেইবাটাও দুৰ্দান্ত দলে অংশগ্ৰহণ কৰা বাপুকণ ট্ৰফী নৈশ ফুটবল প্ৰতিযোগিতাৰ…

    ৰাঁচীত আৰম্ভ টি-২০ চেলেঞ্জাৰ ট্ৰফী, টিম-ডিত অসম কন্যা মণিষা

    টি-২০ চেলেঞ্জাৰ ট্ৰফী-২০২৪ আজিৰে পৰা আৰম্ভ হৈছে৷ ১৭ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ ভাৰতৰ অন্যতম মহিলা ক্ৰিকেটৰ মুখ্য ঘৰুৱা টি-২০ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ঝাৰখণ্ডৰ ৰাচীত। সকলো মেচ ৰাঁচীৰ জেএছচিএ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…