
ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশৰ মাণ্ডী লোকসভা সমষ্টিৰ ২০২৪ৰ লোকসভা নিৰ্বাচনক প্ৰত্যাহ্বান জনাই দাখিল কৰা এক আবেদনৰ বুধবাৰে শুনানি গ্ৰহণ কৰে উচ্চ ন্যায়ালয়ে। এই গোচৰৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ জ্যোৎস্না ৰেৱালৰ একক বিচাৰপীঠে।
উল্লেখ্য যে, মাণ্ডী লোকসভা সমষ্টিৰ নিৰ্বাচনক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদনৰ পিছতে হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ে সমষ্টিটোৰ পৰা সাংসদৰূপে জয়ী হোৱা কংগনা ৰানাৱটক ২১ আগষ্টত এই গোচৰৰ উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। আজি এই গোচৰৰ শুনানি গ্ৰহণ কৰাৰ সময়ত কংগনা ৰানাৱটৰ অধিবক্তাই উত্তৰ প্ৰস্তুত কৰিবলৈ তিনি সপ্তাহৰ সময় বিচাৰে। এতিয়া এই গোচৰৰ পৰৱৰ্তী শুনানি তিনি সপ্তাহৰ পিছত অনুষ্ঠিত হ’ব।
বুধবাৰে শুনানিৰ সময়ত আদালত আবেদনকাৰী ৰাম নেগীৰ হৈ অধিবক্তা সঞ্জীৱ কুমাৰ হাজিৰ হোৱাৰ কংগণা ৰানাৱটৰ হৈ হাজিৰ হয় অৰ্জুন লাল আৰু আকাশ ঠাকুৰৰ লগতে অংশুল বংছাল আৰু জ্যেষ্ঠ অধিবক্তা অংকুশ দাস। শুনানিৰ সময়ত আবেদনকাৰী পক্ষইও উত্তৰৰ লগতে পাৱাৰ অৱ এটৰ্নী দাখিল কৰিবলৈ তিনি সপ্তাহৰ সময় বিচাৰে। এতিয়া ছেপ্টেম্বৰ মাহত আদালতে গ্ৰহণ কৰিব এই গোচৰৰ পৰৱৰ্তী শুনানি।
দৰাচলতে মাণ্ডি লোকসভা সমষ্টিৰ পৰা ২০২৪ৰ নিৰ্বাচনত প্ৰাৰ্থিত্বৰ দাবীদাৰ লায়ক ৰাম নেগীয়ে লোকসভা নিৰ্বাচনত তেওঁৰ মনোনয়ন পত্ৰ ভুলকৈ নাকচ কৰা বুলি অভিযোগ কৰি মাণ্ডী আসনৰ বাবে লোকসভা নিৰ্বাচন বাতিল কৰাৰ দাবী জনায়। আবেদনকাৰী লায়ক ৰাম নেগীৰ মতে, মনোনয়ন বাতিল কৰাৰ বাবেই তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাত ব্যৰ্থ হয়।
আবেদনকাৰীৰ মতে, তেওঁ কোনো ডাঙৰ ভুল কৰা নাছিল, যাৰ বাবে ৰিটাৰ্ণি বিষয়াই তেওঁৰ মননোয়ন বাতিল কৰে। আবেদনকাৰীয়ে কয় যে যদি তেওঁক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ দিয়া হ’লহেঁতেন তেন্তে তেওঁ লোকসভা নিৰ্বাচনত হয়তো জয়ী হ’বও পাৰিলেহেঁতেন। এনে কাৰণতে যাতে সমষ্টিটোত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি, তাৰ বাবে শেহতীয়া লোকসভা নিৰ্বাচন বাতিল কৰিবলৈ আদালতক অনুৰোধ জনায় লায়ক ৰাম নেগীয়ে।
প্ৰণিধানযোগ্য যে, বন বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া লায়ক ৰাম নেগীয়ে নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ সময়ত প্ৰ-পত্ৰৰ সৈতে বন বিভাগে প্ৰদান কৰা প্ৰয়োজনীয় ন’ ডু চাৰ্টিফিকেট ৰিটাৰ্নিং অফিচাৰৰ হাতত জমা দিছিল।
ইফালে মনোনয়নৰ সময়ত আবেদনকাৰীক কোৱা হয় যে চৰকাৰী থকাৰ ব্যৱস্থাৰ বাবে সংশ্লিষ্ট বিভাগে স্বতন্ত্ৰভাৱে প্ৰদান কৰা বিদ্যুৎ, পানী আৰু টেলিফোনৰ বাবেও যথাযথ প্ৰমাণপত্ৰ দিব লাগিব। এই সকলোবোৰ প্ৰমাণপত্ৰ দিবলৈ পিছদিনালৈকে সময় দিয়া হৈছিল। ১৫ মে’ত হ’ব লাগিছিল মনোনয়ন পত্ৰৰ তদন্ত।
কিন্তু পিছদিনা প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰাম নেগীয়ে ৰিটাৰ্ণিং অফিচাৰে বিষয়া সকলো প্ৰমাণ পত্ৰ জমা দিবলৈ যায় যদিও নিৰ্বাচনী বিষয়াগৰাকীয়ে সেয়া গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ইয়াৰ বাবেই আবেদনকাৰীয়ে মাণ্ডী সংসদীয় সমষ্টিত অনুষ্ঠিত লোকসভা নিৰ্বাচন বাতিলৰ দাবী উত্থাপন কৰিছে।