আজি অসম সাহিত্য সভাই বিতৰ্কৰ অৱসান ঘটাই অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। উচ্চস্তৰীয় সমিতিৰ বৈঠকৰ অন্তত পাঁচজনীয়া তালিকাখন প্ৰকাশ কৰে। ২০২৫-২৭ বৰ্ষৰ সভাপতি পদৰ বাবে তালিকাত অনুৰাধা শৰ্মা পূজাৰী, ড০ গোবিন্দ প্ৰসাদ শৰ্মা, ড০ উপেন ৰাভা হাকাচাম, ড০ ভীমকান্ত বৰুৱা আৰু ড০ বসন্ত কুমাৰ গোস্বামী।
