
কৰিমগঞ্জঃ বাংলাদেশৰ হিংসাজৰ্জৰ পৰিস্থিতিৰ মাজতে কৰিমগঞ্জত গ্ৰেপ্তাৰ হ’ল ৪ জন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী। দেওবাৰে নিশা সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশৰ অপচেষ্টা চলোৱাৰ সময়তে সীমান্তৰক্ষী বাহিনী আৰু অসম আৰক্ষীয়ে আটক কৰে দুগৰাকী মহিলাসহ ৪ বাংলাদেশীক।
আৰক্ষীয়ে সদৰী কৰা মতে, পুৱতি নিশা প্ৰায় ডেৰ বজাত জিৰ’ পইণ্টৰ মাজেৰে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল বাংলাদেশী কেইজনে। ধৃত বাংলাদেশী কেইজনক মটিউৰ শ্বেখ, মুছিয়াৰ মোল্লা, তানিয়া মোল্লা আৰু ৰীতা মোল্লা বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ধুবুৰীৰ বাংলাদেশ সীমান্তত এটা ১০-১৫ জনীয়া বাংলাদেশী দলে সীমান্তৰ সিপাৰৰ পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল। অৱশ্যে সীমান্ত সুৰক্ষা বাহিনীয়ে খেদি পঠিয়াবলৈ সক্ষম হৈছিল বাংলাদেশী কেইজনক।