স্বাধীনতাৰ দিৱসত আলফাৰ বোমা সংস্থাপনক লৈ আপৰ প্ৰতিক্ৰিয়া, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী

গুৱাহাটীঃ স্বাধীনতা দিৱসৰ দিনাই নিষিদ্ধ ঘোষিত সংগঠন আলফা( স্বাধীন)এ ৰাজ্যখনৰ বিভিন্ন জিলাৰ ২৫ টাকৈ স্থানত বোমা সংস্থাপনৰ বিষয়টোত চৰকাৰৰ গৃহ বিভাগৰ ব্যৰ্থতা সন্দৰ্ভত এক সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে।

ডাঃ চৌধুৰীয়ে কয়, “আলফাৰ এই কূটাঘাতমূলক কাৰ্যই বৰ্তমান ৰাজ্যখনৰ গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম আৰক্ষী তথা চোৰাংচোৱা বিভাগৰ লজ্জাজনক ব্যৰ্থতা উদঙাই দিছে। এনে এটা ঘটনা আলফাৰ প্ৰেছ বিজ্ঞপ্তিৰ পাছতহে আৰক্ষী তথা চোৰাংচোৱাৰ দৃষ্টিগোচৰ হৈছে। যদি সচাঁকৈয়ে আলফাই দাবী কৰা অনুসৰি কোনো বিজুতি নোহোৱাকৈ বোমা বিস্ফোৰণ সংঘটিত হলহেঁতেন, তেতিয়া এক ভয়াবহ পৰিস্হিতিৰ সৃষ্টি হ’লহেঁতেন।”

সংবাদমেলত উপস্থিত থকা আপৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই গৃহ বিভাগ তথা অসম আৰক্ষীৰ ব্যৰ্থতাৰ বিৰুদ্ধে সৰৱ হয়। আপৰ নেত্ৰী গৰাকীয়ে কয়, “যি সময়ত মুখ্যমন্ত্ৰীয়ে অনাহকতে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা বতৰাৰে ৰাজ্যখনত এক হিংসা বিদ্বেষৰ পৰিবেশ সৃষ্টি কৰিব বিচাৰিছে, সেই সময়তে নিজৰ দপ্তৰ চম্ভালিব নোৱাৰি তেওঁ চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিছে। এনে অৱস্থাত শীঘ্ৰেই গৃহ বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰা উচিত। কিয়নো ৰাজ্যখনৰ আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত তেওঁ চূড়ান্ত ব্যৰ্থতাৰ পৰিচয় দিছে।’’

আপ নেত্ৰীগৰাকীয়ে লগতে কয়, ”পূৰ্বে মুখ্যমন্ত্ৰীয়ে নিজেই দাবী কৰা অনুসৰি আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে মাজে সময়ে তেওঁৰ বাৰ্তালাপ হৈয়ে থাকে। এনে অৱস্থাত ৰাজ্যজুৰি বোমা সংস্থাপিত কৰাৰ ঘটনা ৰহস্যৰ বিষয় হিচাপে পৰিগণিত হৈছে। আশ্চৰ্যকৰ ভাবে যোৱাকালি এই ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাজ্য চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী গৰাকীৰ চকুৱে মুখে কোনো উদ্বিগ্নতাৰ ভাব পৰিলক্ষিত হোৱা নাই। এয়া ৰহস্যজনক।”

উল্লেখ্য যে, সংবাদমেলত আম আদমী পাৰ্টিৰ আন এগৰাকী নেতা অম্লানজ্যোতি হাতীবৰুৱাও উপস্থিত থাকে।

  • Related Posts

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    “কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

    ১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ